বৰদেউতাকৰ বেংকৰ টকাই প্ৰাণ ললে উদীপৰ

জয়সাগৰঃ দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা শিৱসাগৰ নগৰৰ সমীপৰ মেটেকা মাজগাঁও অঞ্চলৰ যুৱক উদীপ বৰঠাকুৰৰ বুধবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ দিখৌ নৈৰ সমীপৰ এখন বাহনীত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ।

দহ দিনৰ পূৰ্বে মাজগাঁৱৰ ৰবীন বৰঠাকুৰৰ বিশ বছৰীয়া পুত্র উদীপ বৰঠাকুৰে নিজৰ বৰদেউতাক দুদু বৰঠাকুৰৰ বেংক একাউণ্টৰ পৰা এটিএম যোগে প্রায় ডেৰ লাখ টকা উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হয়৷ ইমান টকা একাউণ্টৰ পৰা নাইকিয়া হোৱাত বৰদেউতাক দুদু বৰঠাকুৰে বেংকৰ সৈতে যোগাযোগ কৰাত এটিএমৰ চিচিটিভিৰ ফুটেজৰ জড়িয়তে ভতিজাক উদীপ বৰঠাকুৰে টকা উলিয়াই নিয়াটো নিশ্চিত হয়৷

উদীপে বৰদেউতাক দুদু বৰঠাকুৰৰ এটিএম কৈনেকৈ পালে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। তাৰ পিছৰে পৰা উদীপ সন্ধানহীন হয়৷ অৱশেষত দহ দিনৰ অন্তত ঘৰৰ সমীপৰ দিখৌ নৈৰ এখন বাহনীত অৰ্দ্ধগলীত অৱস্থাত উদীপৰ মৃতদেহ উদ্ধাৰ হয়। সামাজিক গ্লানিৰ পৰা হাত সাৰিবলৈ উদীপে আত্মহত্যাৰ পথ বাছি লয় বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।