অসম-অৰুণাচল সীমান্তত গ্ৰেনেড বিস্ফোৰণ, চলিছে আলফা-এনএচচিএনৰ শাসন

তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জনসাধাৰণৰ ৰাইজৰ জীৱন সুৰক্ষাৰ আশংকাত দিন পাৰ কৰাৰ লগতে সৰ্বসাধাৰণক সুৰক্ষা দিয়াৰ বাবে নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীৰে প্ৰাণৰ সংশয়ত পৰা দেখা যায়৷ কিয়নো সীমান্তত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোট সমূহে লক্ষা কৰি লৈছে সেনাক৷ উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত যে আলফা স্বাধীনৰ কেতবোৰ কূটাঘাতমূলক কাৰ্যই জনসাধৰণক শংকিত কৰি তুলিছে৷

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তত দুখন চৰকাৰ চলি আহিছে৷ দুয়ো খন ৰাজ্যত একোখন নিৰ্বাচিত চৰকাৰৰ লগতে আলফা স্বাধীন আৰু এন এচ চি এন সমান্তৰাল শাসন চলে৷ শেহতীয়া বহুকেইটা ঘটনাই ইয়াকে প্ৰমাণ কৰে বুলি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে একমূখে স্বীকাৰ কৰে৷ উজনি অসমত বিশেষভাৱে প্ৰভাৱিত আলফাৰ ২৮নং বেটেলিয়ানৰ প্ৰায় দুই শতাধিক সদস্যই ২০০৮ চনৰ ২৪জুনত শান্তি আলোচনালৈ ওলাই অহাত জনসাধাৰণে অন্ততঃ আশা কৰিছিল যে অঞ্চলটোৰ স্থানীয় যুৱকসকলে প্ৰাণৰ মমতাত হয়তো আৰু বহিঃৰাজ্যলৈ ঢাপলি মেলিব নালাগিব৷

কিন্তু দিন বছৰ বাগৰি যোৱাৰ পাছতো আলফাৰ বিভাজন হোৱাত স্থানীয় বাসিন্দাৰ মনত হতাশাৰ কলীয়া ডাৱৰে পুনৰ জুমুৰি ধৰে৷ এনে প্ৰেক্ষাপটতে আলফা স্বাধীনে নিজ শক্তি আৰু অস্তিত্ব প্ৰমাণাৰ্থে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ পিয়ঙত বুধবাৰে সেনাৰ তহলদাৰী দললৈ গ্ৰেনেড নিক্ষেপ কৰে৷ বিস্ফোৰণত কথমপি ৰক্ষা পৰে সেনাবাহিনীৰ লোক সকল৷ জানিব পৰা মতে, আগন্তুক গণৰাজ্য দিৱসৰ কূটাঘাত মূলক কাৰ্য ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় সেনাবাহিনীৰ ১১ গ্ৰেনেডিয়াৰ ৰেজিমেন্টৰ এটা দলে আলফা(স্বা)ৰ সদস্য থকা সম্ভেদ পাই পিয়ঙত বুধবাৰে নিশা অভিযান চলাইছিল বুলি স্থানীয় সুত্ৰত প্ৰকাশ৷

অভিযান চলাই ঘুৰি আহোঁতে অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি সন্দেযুক্ত আলফাৰ এটা দলে গ্ৰেনেড নিক্ষেপ কৰে৷ সেনাবাহিনীৰ গাড়ীখন পাৰ হোৱাৰ পিছতেই শক্তিশালী গ্ৰেনেডতো বিস্ফোৰিত হোৱাত কোনো লোক হতাহত নহ'ল যদিও ব্যক্তিগত এখন বাহনৰ আংশিক ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে৷ আৰক্ষী তথা সেনাই এই কাণ্ড আলফা(স্বা)য়ে সংঘটিত কৰিছে বুলি দাবী কৰে৷ গ্ৰেনেডতো ইমানেই শক্তিশালী আছিল যে পথৰ ওপৰত প্ৰায় পাঁচ ফুট দ গাতৰ সৃষ্টি হোৱা লগতে শব্দৰ প্ৰাৱল্যই বহু দুৰলৈ কপঁনি সৃষ্টি কৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷

ঘটনাতো সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ নামচাই, পিয়ং আদি অঞ্চলত ভাৰতীয় সেনা, চি আৰ পি এফ, অসম পুলিচ আৰু অৰুণাচল পুলিচে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে সকলো গাড়ী তথা যাত্ৰীৰ তালাচী চলোৱা বুলি বাতৰি আহিছে৷ অৰুণাচলত এনেদৰে সেনা বাহিনীৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰা কাৰ্যই আলফা(স্বা)ৰ স্থিতি যে অঞ্চলটোত যথেষ্ট সক্ৰিয় তাক প্ৰতিপন্ন কৰে৷ ইপিনে আলফাৰ অতৰ্কিত আক্ৰমণৰ উমান পাই সেনাৰ দলটোৱে গুলীৰে প্ৰত্যুত্তৰ দিয়াত আলফাৰ দলটো পলাই যায়৷

উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাত ইতিমধ্যে আলফা(স্বা) আৰু এন এ চি এনয়ে যুটীয়া ভাবে ধন দাবী, অপহৰণ, হত্যা আদিয়ে জিলাখন অস্থিৰ কৰি তোলাৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ঘন জংঘলৰ সুবিধা লৈ বিভিন্ন উগ্ৰপন্থী সংগঠনে ইতিমধ্যে বিভিন্ন ঠাইত বিভিন্ন কূটাঘাত সংঘটিত কৰিছে৷ যাৰ ফলক সীমান্তৰ ৰাইজে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ বিশেষকৈ জিলা খনত ইচ্ছা গলেই উগ্ৰপন্থীয়ে মানুহক গুলীয়াই হত্যা কৰিব পাৰে, অপহৰণ কৰিব পাৰে, ৰাজ পথত গাড়ী জ্বলাই উগ্ৰপন্থীয়ে নিৰ্বেঘ্নে আতৰি যাব পাৰে৷

নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত কৰি গৈছে৷ যোৱা ১১ ডিচেম্বৰত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত ডিৰাক সোণজান শিমলুগুৰিৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আলফাই(স্বা) তিনিচুকীয়া জিলাৰ জাগুনৰ সমাজকৰ্মী তথা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক অপহৰণ কৰিছিল৷ যোৱা ২৮ নৱেম্বৰত ANE মাইনিং নামৰ কোম্পানীটোত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিছিল৷

তাৰ মাজতে, যোৱা ১৬ জানুৱাৰীত সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ নামচিকত৷ খাৰচাঙৰ পৰা ডিগবৈ শোধানাগাৰলৈ খাৰুৱা তেল কঢ়িওৱা প্ৰায় ৮ খনকৈ তেলৰ টেংকাৰত আক্ৰমণ কৰে সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ প্ৰায় ৪০ জনীয়া এটা দলে৷ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দলটোৱে চালকক আতৰাই অগ্নিনিক্ষেপ কৰে টেংকাৰ কেইখনত৷ ফলত প্ৰায় ৮ খনকৈ তেলৰ টেংকাৰ ভস্মীভূত হয়৷