মাৰ্ঘেৰিটাত আলফা(স্বা)ৰ কেডাৰসহ লিংকমেন আটক

মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লিডুৰ পাটকাই পৰ্বতমালাৰ ২নং মুলুং গাৱঁৰ পৰা ১৪ নং আছাম ৰাইফলছৰ ডি কম্পেনীয়ে আজি সন্ধিয়া অভিযান চলাই দুজন উগ্ৰপন্থী সদস্যক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ধৃত সদস্য দুজন হৈছে বিক্ৰম চাকমা (১৯) আৰু তাৰা চান্দ কাহাৰ (২২)।

প্ৰাপ্ত বাতৰি মতে, গোপন সূত্ৰৰ পম খেদি ২নং মুলুং গাৱঁৰ পৰা আছাম ৰাইফলছৰ জোৱানে আলফা (স্বা)ৰ বিক্ৰম চাকমা এজন কেডাৰক আটক কৰে। চাকমাৰ পৰা এটা পইন্ট টু টু পিষ্টল, এটা মেগাজিন আৰু পাঁচ জাই সজীৱ গুলীও উদ্ধাৰ কৰে।

আনহাতে ধৃত বিক্ৰম চাকমাৰ ভাষ্য মতে সেনাই ৩নং মুলুং গাঁৱৰ পৰা তাৰা চান্দ কাহাৰ (২২) নামৰ আলফা( স্বা) আৰু এন এচ চি এন (কে)ৰ হৈ সুদীৰ্ঘ দিনৰ পৰা লিংকমেন হিচাবে কাম কৰি আন এজন যুৱকক আটক কৰে৷

ধৃত বিক্ৰম চাকমাৰ ঘৰ অৰুণাচলৰ দিয়ুনত হোৱাৰ বিপৰীতে তাৰা চান্দ কাহাৰৰ ঘৰ লেখাপানীৰ শালিকী গাঁৱত বুলি জানিব পৰা গৈছে৷ ধৃত উগ্ৰপন্থীদ্বয়ক আছাম ৰাইফলছে লিডু আৰক্ষীৰ হাতত চমজাই দিয়ে। 

সেনাৰ সূত্ৰই দাবী কৰা মতে, দুই ধৃত কেডাৰে আলফা (স্বা) আৰু এন এচ চি এন (কে) ৰ হৈ লিডু, লেখাপানী, বৰগোলাই আদি অঞ্চলত চলি থকা অবৈধ কয়লা বেহাৰ পৰা ধন দাবী আৰু সংগ্ৰহ কৰা কাৰ্য্যত লিপ্ত হৈ আহিছিল।