আলফাৰ প্ৰতিষ্ঠা দিৱস উদযাপন, আলফাৰ প্ৰাসংগিকতা সদায় থাকিবঃঅনুপ

তিনিচুকীয়া/গুৱাহাটীঃ ১৯৭৯ৰ ০৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাই বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি থকা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী দুটা বভাগত বিভক্ত হলেও দুয়োটা গোটে সংগ্ৰাম অব্যাহত ৰাখিছে৷ 

৩৯ বছৰত ভৰি দি ইতিহাস সৃষ্টি কৰা সংযুক্ত মুক্তি বাহিনী অসম আৰু সংযুক্ত মুক্তি বাহিনী স্বাধীনে শনিবাৰে ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস দুয়োটা গোটে পালন কৰা বুলি খবৰ আহিছে৷

আলফা (স্বাঃ)ৰ সভাপতি ডা০ অভিজিত্‍ অসমৰ লগতে সেনাপ্ৰধান পৰেশ অসমো উপস্থিতিত প্ৰতিষ্ঠা দিৱস পালন কৰা বুলি জানিব পৰা গৈছে । আনহাতে অসমৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ নেতা উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷

আনহাতে কাকপথাৰৰ ডেজিগনেটেড কেম্পতো প্ৰতিষ্ঠা দিৱস পালন কৰে সংযুক্ত মুক্তি বাহিনী অসমে৷ শনিবাৰে কাকপথাৰস্থিত আলফাৰ ডেজিগনেটেড কেম্পৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংগঠনৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰাৰ পাছতে বীৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে আলফা নেতা লেঃ কৰ্ণেল অন্তু চাউদাঙে৷ শিবিৰটোৰ প্ৰায় শতাধিক সদস্যই অংশগ্ৰহণ কৰা কাৰ্যসূচীত সভাপতিৰ অভিভাষণ পাঠ কৰে অালফা নেতা জিতেন দত্তই৷ 

ইয়াৰ পাছত কাকপথাৰৰ শিবিৰত অালফাৰ সাধাৰণ সম্পাদকে এক সংবাদমেল অনুষ্ঠিত কৰি অসম-ভাৰতৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে অালফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অাগ্ৰহী যদিও এই ক্ষেত্ৰত ভাৰত চৰকাৰ ৰাজনৈতিক, সাংবিধানিক অাৰু ভূমি অধিকাৰ সম্পৰ্কত কোনো স্থিতি স্পষ্ট নোহোৱাৰ বাবে অালোচনাৰ মাজলৈ অানিব পৰা নাই বুলি অনুপ চেতিয়াই সংবাদমেলত জানিবলৈ দিয়ে। 

ইতিমধ্যে এই সম্পৰ্কত অনুপ চেতিয়াই পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে৷ ভাষণ প্ৰসংগত আলফা নেতা অনুপ চেতিয়াই কয় যে আলফাৰ প্ৰাসংগিকতা আগতেও আছিল বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব৷ 

ভাৰত চৰকাৰে হিন্দু বাংলাদেশী আইনৰ জৰিয়তে অসমত সংস্থাপিত কৰিব বিচাৰিছে তাক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়াৰ লগতে অহা ২১ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ বাবে অসমৰ সকলো দল-সংগঠনক দিল্লীলৈ নিমন্ত্ৰণ জনাইছে যদিও সভাত আলফাই অংশগ্ৰহণ নকৰাৰ সিদ্বান্ত গ্ৰহণ কৰাৰ লগতে সভাখন অসমত অনুষ্ঠিত কৰি অসমবাসী ৰাইজক সন্মুখত ৰাখি অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়৷ 

শান্তি আলোচনা সন্মানজনক হলে বৰ্তমানেও বিপ্লৱ অব্যাহত ৰখা আলফা(স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাও আলোচনাত অংশগ্ৰহণ কৰিব যদিও এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট হলেহে সহাঁৰি জনোৱাৰ কথা ব্যক্ত কৰে অনুপ চেতিয়াই।

ইতিমধ্যে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰাৰ কথাও জানিবলৈ দিয়ে। অসম আন্দোলনৰ শ্বহীদসকলক অসম চৰকাৰে দুই লাখ টকাকৈ দিয়াৰ বিষয়তো আদৰণি জনোৱাৰ লগতে সমান্তৰালভাবে আলফাৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গকো ৫ লাখ টকাকৈ অনুদান দিবলৈ আহ্বান জনাই অনুপ চেতিয়াই৷