দুৰ্গা পূজাৰ বাবে টকা লাগে আলফাক

গুৱাহাটীঃ আলফাৰ কামি হাড় ভঙা বুলি প্ৰচাৰ হৈ অহাৰ সময়তে চাহ বাগিছাৰ কৰ্মচাৰীক আলফাই অপৰহণ কৰাত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী দিহিঙীয়া চাহ বাগিচাৰ কৰ্মচাৰী শৈল দহোতীয়াক (৩৫) সন্দেহযুক্ত আলফা স্বাধীনৰ এটি ৬জনীয়া দলে যোৱা বৃহস্পতিবাৰে  অপহৰণ কৰি নিয়া কাৰ্যই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ পৰিৱেশ ম্লানপৰা দেখা যায়৷

জানিব পৰা মতে, লম্বিত ফুকন মালিকানাধীন দিহিঙীয়া চাহ বাগিছাৰ আলফা স্বাধীনৰ পেডত যোৱা এমাহ পূৰ্বে প্ৰায় ২০ লাখ টকাৰ ধন দাবী পত্ৰ লাভ কৰে৷ বাগিচাৰ কৰ্তৃপক্ষই ধনদাবী কৰা কাৰ্যক গুৰুত্বসহকাৰে নোলোৱাৰ পৰিপ্ৰেক্ষিতত ৰূপম অসমৰ নেতৃত্বত ছয়জনীয়া দলে বাগিছাৰ পৰিচালক সমেন বৰদলৈক অপহৰণ কৰাৰ যোজা চলাই৷ কিন্তু পৰিচালক সমেনক বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰিৱৰ্তে বাগিচাৰে কৰ্মচাৰী শৈল দহোতীয়াক অপহৰণ কৰে বুলি জানিব পৰা গৈছে৷

আন একাংশ লোকে আলফা স্বাধীনে পূজা খাবৰ বাবেও বাগিছা খনৰ পৰা ধন দাবী কৰা বুলি বুঃ বাঃ ওলাইছে৷ পত্নীৰ সৈতে দুটি এমা-ডিমা সন্তানৰ পিতৃ দহোতীয়াক বিনাচৰ্তে শীঘ্ৰে মুক্তি দিবলৈ কুজুপথাৰবাসীৰ লগতে বৃহত্তৰ বৰডুমচাবাসী ৰাইজে আলফাক দাবী জনাইছে ৷ উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চলটো সশস্ত্ৰ সংগঠনৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে৷

যাৰ ফলত সীমান্তৱৰ্তী অঞ্চলটোত বাস কৰা নাগৰিকে প্ৰকৃত স্বাধীনতা নোপোৱা বুলি বহুতো লোকে প্ৰায়ে ক্ষোভ উজাৰে৷ দুয়ো ৰাজ্যৰ আৰক্ষী বাহিনী গিজগিজাই থকাৰ উপৰিও সেনাৰ তহলদাৰী দলৰ সঘন আহ-যাহ স্বত্তেও কেনেদৰে এনে ঘটনা সংঘটিত হয় সেয়া সম্প্ৰতি সাধাৰণ ৰাইজৰ বাবে যেন "কৌন বনেগা কড়ৌৰপতি" দৰে কোটিটকীয়া প্ৰশ্ন৷ আনহাতে এই ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত আছে নে নাই তাক লৈয়ো সন্দেহ কৰিছে একাংশ লোকে৷