চাৰি ৰাজ্যৰ সীমান্তলৈ যাব আলফাৰ বিশেষ দল

জাগীৰোডঃ শুকুৰবাৰে মৰিগাঁৱৰ জাগীৰোডত আলফাৰ কৰ্ম পৰিষদ আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সম্পাদক অনুপ চেতিয়া, মৃনাল হাজৰিকা, প্ৰদীপ হাজৰিকা, প্ৰনতী ডেকাৰ লগতে শীৰ্ষ নেতৃবৃন্দ উপস্থিত থাকে৷ বৈঠকৰ অন্তত সাংবাদিকেৰে সৈতে মুখামুখি হৈ সম্পাদক অনুপ চেতিয়াই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত স্থিতি স্পষ্ট কৰি এখন শুদ্ধ নাগৰিক পঞ্জী সময় মতে হ’ব লাগিব বুলি কয়৷

আনহাতে ভাৰত চৰকাৰে নগা বিদ্ৰোহী সংগঠন NSCNৰ সৈতে ৰূপায়ণ কৰা চুক্তি আৰু সীমান্তত উত্তপ্ত পৰিস্থতিৰ সৃষ্টি হৈ থকাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফাৰ এটি প্ৰতিনিধি দলে সীমান্ত অঞ্চল ভ্ৰমণ কৰিব বুলি কয়৷ কেৱল অসম-নগা সীমান্তই নহয় অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়, মণিপুৰ, অৰুণাচল, মিজোৰাম ভ্ৰমণ কৰিব বুলি কয়৷ ভ্ৰমণ কালত NSCNৰ লগতে বিভিন্ন শসস্ত্ৰ সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব বুলি কয় চেতিয়াই৷

আলফাৰ প্ৰতিনিধি দলেটোৱে সীমা সমস্যা সন্দৰ্ভত আৱলোচনাত মিলিত হ’ব চুবুৰীয়া ৰাজ্যৰ বিভিন্ন সংগঠনৰ সৈতে৷ আনহাতে আলফাৰ আনএটি দল সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত অহা ০৬ নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলি কয়৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব আলফাৰ নেতা-কেডাৰ তথা শুভকাংক্ষীৰ বিৰুদ্ধে থকা গোচৰ উঠাই লোৱাৰ লগতে আলফাৰ নেতা-কেডাৰ সকলক দিয়া ভাট্টা বৃদ্ধি কৰাৰ দাবী জনায় আলফাই৷ ভূটানত নিৰুৰ্দিষ্ট নেতা তথা কেডাৰ সকলৰ সন্দৰ্ভতো কথা পাতিব প্ৰতিনিধি দলটোৱে৷