
গুৱাহাটীঃ দিল্লীৰ Constitution Clubত অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল Constitution Clubত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্নাবৰ লোকক সোধ-পোছ কৰাৰ লগতে Delhi Action Committee for Assamৰ সভাপতি তথা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ পুত্ৰ বনজিৎ হুছেইনক শনিবাৰে অসম আৰক্ষীয়ে সোধ-পোছ কৰিব৷
সভাত অংশ গ্ৰহণ কৰা অসমৰ সাংবাদিক-বুদ্ধিজীৱীক আৰক্ষীয়ে সোধ-পোছ কৰে৷ ফটাশীল আৰক্ষীয়ে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে৷ আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তক ফটাশিল আৰক্ষী থানা সোধ-পোছ কৰে৷ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, অপূৰ্ব বৰাকো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে৷
তাৰ মাজতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ ইমানে নহয় ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায়৷
বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা কৰে সমাজ সচেতক কমল কুমাৰ মেধিয়ে৷যাৰ ফলত বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷
ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ কেইঘন্টামান পিছত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কমল কুমাৰ মেধিক ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰে৷ এই ঘটনাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ দেওবাৰে নিশা ৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় "মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ"৷ যোৱা কেইবাটাও দিনৰ পৰিস্থিতি সন্দৰ্ভত আলফাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
সোমবাৰে আলফা নেতা অনুপ চেতিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰি। অনুপ চেতিয়াই আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি কয়৷ মাদানী উপস্থিত থকা সভাখনত অংশগ্ৰহণ কৰাৰ অভিযোগত যদি ড০ হীৰেন গোহাঁই আৰু আন আন বুদ্ধিজীৱী সকলত তদন্তৰ আওঁতালৈ আনিব পাৰে তেন্তে মুখ্যমন্ত্ৰীক কিয় তদন্তৰ আওতালৈ আনিব নোৱাৰে বুলি প্ৰশ্ন কৰে চেতিয়াই৷
কোনো মানুহ আইনৰ উৰ্দ্ধত নহয় সেয়েহে সোনকালে মুখ্যমন্ত্ৰীক তদন্তৰ আওঁতলৈ অনাৰ দাবী উত্থাপন কৰে চেতিয়াই। আলফা নেতাগৰাকীয়ে বুদ্ধিজীৱি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা কথাই কথাই আলফাক গালি পৰা ব্যক্তিজনে অস্ত্ৰৰে তেজৰ ফাকু খেলাৰ কথা কথা কলে শুভা নাপায়। অসমীয়া নগাৰ সংঘৰ্ষ হলে গুৱাহাটী থকা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ গাৰ নোম এডালো নলৰে মৰিব সীমান্তত থকা অসমীয়া আৰু নগা লোক।
সেয়েহে সোনকালে চক্ৰৱৰ্তীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে আলফা নেতা চেতিয়াই। লগতে উগ্ৰ মন্তব্য দিয়াৰ অভিযোগত আৰক্ষীক গোচৰ দিয়াৰ বাবে যুৱ নেতা কমল কুমাৰ মেধীক অভিনন্দন যাচে। মাদনীক তীব্ৰ ভাষাৰে গৰিহণা দি হীৰেন গোহাঁইকে ধৰি বুদ্ধিজীৱী সকল একাংশ দুষ্ট চক্ৰৰ বলীৰ পঠা সজোৱা বুলি মত পোষন কৰে চেতিয়াই৷