উৎফুল্লিত উলুবাৰীৰ ৰাইজ, বক্সিং ৰিঙত প্ৰতিপক্ষক ধৰাশয়ী কৰিবই অংকুশিতাই

ঢেকীয়াজুলিঃ গুৱাহাটীত মহানগৰীৰ অনুষ্ঠিত হোৱা য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্য খনৰ এখন অখ্যাত গাঁৱৰ এগৰাকী যুৱতীয়ে। আন্তঃৰাষ্ট্ৰীয় বক্সিং ৰিঙত প্ৰতিপক্ষক ধৰাশয়ী কৰি উজলি উঠিছে৷ অখ্যাত গাঁৱৰ অংকুশিতা বড়ো তেওৰ নাম৷ যিগৰাকী বড়ো যুৱতীক লৈ এতিয়া গৌৰৱান্বিত এখন জিলাৰ লোক৷ দেশৰ হৈ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰা অংকুশিতাই একমাত্ৰ প্ৰতিনিধি।

চমকপ্ৰদ সফলতাৰে জিলিকি উঠা দৰিদ্ৰ পৰিয়ালৰ সন্তান অংকুশিতা বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ পাতনি মেলি এই স্থানত উপণীত হৈছে৷ শোণিতপুৰৰ এখন গাঁৱৰ অংকুশিতা বড়ো হৈ পৰিছে ক্ৰীড়াপ্ৰেমীৰ আপোন৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহ চক্ৰৰ উলুবাৰীৰ ৰাকেশ বড়ো আৰু ৰঞ্জিতা বড়োৰ জ্যেষ্ঠ কন্যা অংকুশিতাৰ আছিল সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি প্ৰেম৷

এখন অতি ভিতৰুৱা গাঁৱৰ এই গৰাকী কিশোৰীয়ে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়তেই পৰিয়ালৰ এগৰাকী ভলিবল খেলুৱৈ তথা বৰ্তমানে অসম আৰক্ষীত কৰ্মৰত ব্ৰজেন বড়োৱে ভাৰতীয় ক্ৰীয়া প্ৰাধিকৰণৰ কাৰ্যালয়ত অংকুশিতাৰ নাম ভৰ্তি কৰাই দিছিল৷ ভাৰত চৰকাৰৰ অধীনৰক্ৰীড়া সংস্থাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ গোলাঘাট চহৰত থকা প্ৰশিক্ষণ কেন্দ্ৰত বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল অংকুশিতাই৷ বৰ্তমানে ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰ তত্বাৱধানত বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতাযোগিতাত যোগদান কৰা অংকুশিতাই বুটলিবলৈ সক্ষম হৈছে কেইবাটিও ৰূপৰ পদক৷

শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ থকা য়ুথ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত চেমি ফাইনেলত প্ৰবেশ কৰা অংকুশিতাক লৈ উৎফুল্লিত হৈ পৰিছে খেলুৱৈগৰাকীৰ পৰিয়ালৰ লগতে গাঁওবাসী৷ দৰিদ্ৰ কৃষক পৰিয়ালৰ কন্যা অংকুশিতাৰ পিতৃ ৰাকেশ বড়ো এখন অপ্ৰাদেশীকৃত স্কুলৰ শিক্ষক৷ এইবেলি স্বদেশৰ মাটিত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰৰ্যায়ত প্ৰবেশ কৰি অংকুশিতাৰ খিতাপ অৰ্জন কৰাৰ কামনা কৰিছে পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে৷ খেলুৱৈগৰাকীয়ে অধ্যয়ন কৰা উলুবাৰী হাইস্কুল কৰ্তৃপক্ষ আৰু বৃহত্তৰ ঢেকীয়াজুলিবাসী ৰাইজে শুভেচ্ছা যাচে অংকুশিতা৷