শাল গছৰ তলত জনগণৰ থিয়েটাৰ, ঘাট-মাউৰা হ’ল শালগছবোৰ

the wire
the wire

newsnextone.com | গুৱাহাটীঃ মৃত্যু চিৰন্তন সত্য যদিও কেতিয়াবা কাৰোবাৰ মৃত্যুক সহজে লব নোৱাৰি৷ তেনেই এক মৃত্যুক সহজেই লব পৰা নাই অসমীয়াই। নাটকৰ সংজ্ঞাক সলনি কৰি নতুন নাট বিপ্লৱৰ ধাৰণা সৃষ্টি কৰি নাটকৰ প্ৰতি মানুহক আকৰ্ষিত কৰা বিশিষ্ট নাট্যকাৰ, পৰিচালক শুক্ৰাচাৰ্য ৰাভাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় মাগে।

বিশ্বাস কৰিবলৈ টান লাগিলেও এই কথা সঁচা অসমীয়া জাতিক বহু দিবলৈ বাকী থকা অৱস্থাতে শুকুৰবাৰে নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল শুক্ৰাচাৰ্য ৰাভা৷

‘আণ্ডাৰ দ্যা শাল ট্ৰি’ৰ শ্ৰষ্টাগৰাকীৰ মৃত্যুত অসমৰ নাটকৰ জগতত অপূৰণীয় ক্ষতি হ'ল যাক সহজেই পূৰণ কৰিব পৰা নাযাব। শাল গছৰ মাজত শাল গছৰ ছাঁত বহি নাট চোৱাৰ বিৰল ইতিহাস সৃষ্টি কৰিছিল পদ্মশ্ৰী এইচ কানহাইলালৰ শিষ্য শুক্ৰাচাৰ্য ৰাভাই। শুক্ৰাচাৰ্য ৰাভাৰ নাট বুলিলেই এক সুকীয়া ধাৰা। নতুনত্ব অবিহনে শুক্ৰাচাৰ্য ৰাভাৰ নাট যেন মঞ্চস্থ নহয়। 

নাটকৰ মাজেৰে অতীত আৰু বৰ্তমানৰ সংমিশ্ৰণ ঘটাই দৰ্শকক আমোদ দিয়াটোৱে আছিল ৰাভাৰ উদ্দেশ্যে৷ শাল গছৰ মাজত বাহৰ চাংত মানুহে বহি প্ৰকৃতিৰ সৈতে একাত্ম হৈ নাটক উপভোগ কৰাৰ দিহা কৰা মানুহজনৰ চিন্তাক বিশ্বই শলাগ লৈছিল৷ তেওঁ হঠাৎ আতৰি যোৱাত এতিয়া শালগছ কেইডাল হৈ পৰিল অকলশৰীয়া৷ 

গোৱালপাৰাৰ ৰামপুৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল ৰাভাই৷ ৰামপুৰতে ডাঙৰ দীঘল হৈছিল৷ শৈশৱৰ পৰাই প্ৰকৃতিৰ সৈতে একাত্ম হৈ থাকি ভাল পাইছিল ৰাভাই৷ যাৰ বাবে ৰামপুৰ গাঁৱতে থকা শালগছৰ মাজত এদিন আৰম্ভ কৰিছিল নাটকৰ চৰ্চা৷ নাটকৰ চৰ্চাই সেই ঠাই টুকুৰাক এখন মঞ্চলৈ ৰূপান্তৰ কৰি পেলাইছিল৷ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰামপুৰলৈ আহিছিল মানুহ৷ 

উপভোগ কৰিছিল নাট৷ এখন বিশাল মঞ্চ হৈ পৰিছিল শালগছৰে আৱৰি থকা জংঘল টুকুৰা৷ ক’ত নাটৰ আখৰা, ন’ ন’ শিল্পীৰ নাট চৰ্চাৰ এক কেন্দ্ৰ বিন্দু হৈ পৰিছিল৷ মানুহক ভাল পোৱা ৰাভাই সদায় মানুহৰ সমাগমৰ বাবে ৰৈ আছিল৷ সাধাৰণ মানুহক নাটকৰ মাজেৰে মনোৰঞ্জন দিবলৈ যৎপৰনাস্তি চেষ্টা চলাইছিল৷ নাট উপভোগ কৰি মানুহে কবলৈ বাধ্য হৈছিল সঁচাকৈ এই ধাৰা সুকীয়া৷ বিশ্বৰ আন প্ৰান্তত নোপাৱা নাটকৰ আমেজ দিয়ে ৰাভাই৷ সেই ৰাভা আজি নাই৷ উকা হৈ পৰিল ৰামপুৰৰ মঞ্চ৷  

বাদুংডুপ্পা থিয়েটাৰ গোষ্ঠীৰ প্ৰতিষ্ঠাপক ৰাভাই দেশৰ লগতে বিদেশতো নাট মঞ্চস্থ কৰিছিল। ১৯৭৭ চনৰ ১০ এপ্ৰিলত গোৱালপাৰাৰ সেই খন ৰামপুৰ গাঁৱতে জন্ম গ্ৰহণ কৰিছিল ৰাভাই।

বাদুংডুপ্পা কলা কেন্দ্ৰৰ জৰিয়তে ‘আণ্ডাৰ দ্যা শাল ট্ৰি নামেৰে’ ব্যতিক্ৰম প্ৰাকৃতিক পৰিবেশত শাল গছৰ তলত নাট মঞ্চস্থ কৰি জনগণৰ থিয়েটাৰ ৰূপে জিলিকাই তুলিছিল নাটকৰ নতুন ধাৰাক৷ অসমৰ নাট্যচর্চাক বিশ্ববাসীৰ আগত চিনাকি কৰি দিছিল ৰাভাই৷ এইগৰাকী ৰাভাৰ অকাল বিয়োগত অসমৰ নাট্যজগতত অপূৰণীয় ক্ষতি হ’ল। যাক কোনেও পূৰাব নোৱাৰে৷

এয়া আছিল অসমৰ গ্ৰাম্য এলেকাৰ নাট আন্দোলন৷ এতিয়াৰ প্ৰজন্মই তেওঁৰ আদৰ্শক জীয়াই ৰাখিব লাগিলে প্ৰতিপালন কৰিব লাগিব সেই সমূহ শালগছক। ৰাভাই ভাৰতবৰ্ষৰ প্ৰায় ১৫খন নাট বিভিন্ন ভাষাত পৰিচালনা কৰিছে। টিখৰ এখন অন্যতম নাট৷ হাতী আৰু ফন্দি, লভিতা, মাইদা মুচি আৰু দাং-আই, চাংকৈ, ৰূপালিম আদি ৰাভাৰ জনপ্ৰিয় নাট। 

সংগীত নাটক একাডেমী যুৱ বঁটা, বিচমিল্লা-খা যুৱ বঁটা, প্ৰতিমাপাণ্ডে বৰুৱা বঁটা প্ৰাপ্ত অসম সন্তানগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰে৷ স্কুলীয়া জীৱনৰ পৰাই নাট, অভিনয়ৰ সৈতে জৰিত যুৱ শিল্পীগৰাকী৷

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাসিন্দা শুক্ৰাচাৰ্য ৰাভা শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে৷ তাৰ পিছতে গোৱালপাৰা চহৰৰ চ’লেছ হস্পিতালত ভৰ্তি কৰা হয়৷ চিকিৎসকে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱা বুলি কয়৷ তাৰ কিছু সময় পিছতে বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিল্পী শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে৷

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰে৷ বহু লোকে এজন ভাল মানুহ, ভাল অভিনেতা, ভাল পৰিচালকৰ মৃত্যু হোৱা বুলি কৈ অসমীয়া জাতিয়ে ভাল মানুহ এজনক হেৰুওৱা বুলি কয়৷