
newsnextone.com | কোকৰাঝাৰঃ আদিবাসী জাতীয় অভিবৰ্তন চমুকৈ এএনচিৰ উদ্যোগত কোকৰাঝাৰৰ জয়পুৰ-মঙলাঝোৰা হাইস্কুল খেলপথাৰত শনিবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে ১৬৩ তম আদিবাসী জাতীয় সংহতি দিৱস উদযাপন কৰা হয়।
প্ৰতিকুল বতৰকো নেওঁচি কেবা সহস্ৰাধিক আদিবাসী জনতাই আদিবাসী জাতীয় সংহতি দিৱসত অংশগ্ৰহণ কৰে। আদিবাসী জাতীয় সংহতি দিৱস উপলক্ষে জয়পুৰ-মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত আদিবাসী জাতীয় অভিৱৰ্তন চমুকৈ এএনচিৰ সংগ্ৰামী গোটৰ সভাপতি বয়েল হেমব্ৰমে আদিবাসী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত বুলি ক্ষোভ জাহিৰ কৰে।
আনহাতে এএনচিৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই বিজেপিৰ মিত্ৰদল অগপ আৰু বিপিএফে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বলিষ্ঠ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰি আঞ্চলিক দলসমূহে খিলঞ্জীয়াৰ স্বাৰ্থত মাত মতা উচিত বুলি কয়। তদুপৰি গণতন্ত্ৰত সনস্যাবোৰ ৰাজনৈতিকভাৱে সমাধান হয় আৰু সেয়েহে আদিবাসী জনগোষ্ঠীয়ে এতিয়া ৰাজনৈতিকভাৱে চিন্তা-চৰ্চা কৰা বুলি সদৰি কৰি বীৰসিং মুণ্ডাই যি দল সংগঠনে আদিবাসী জনগোষ্ঠীৰ সমস্যা সমাধানত ব্ৰতী হ’ব তেনে দল সংগঠনকহে সমৰ্থন কৰা হ’ব বুলি সদৰি কৰিছে।
উল্লেখ্য যে, আদিবাসী জাতীয় সংহতি দিৱস উপলক্ষে জয়পুৰ-মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাৰ পুৰ্বে কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন, ৮.৩০ বজাত শ্বহীদ তৰ্পণ, ৯ বজাত বৃক্ষৰোপন, ৯.৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰিও আদিবাসী জাতীয কলা কৃষ্টিও প্ৰদৰ্শন কৰা হয়। কোকৰাঝাৰৰ জয়পুৰ-মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হোৱা ১৬৩ তম আদিবাসী জাতীয় সংহতি দিৱসত জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ নেতৃবৰ্গ উপস্থিত থকাৰ লগতে কেবা সহস্ৰাধিক সাধাৰণ জনতাই অংশগ্ৰহণ কৰে।