অৱাকিদুল হ’তৰ বাবে কটকটীয়া হয় সম্প্ৰীতিৰ এনাজৰী

নলবাৰীঃ যেতিয়াই সমাজ খনক একাংশ লোকে বিপথে পৰিচালনা কৰি শান্তি ভংগ কৰিব বিছাৰে, ভাতৃত্ববোধ ধ্বংস কৰিব বিছাৰে তেতিয়াই শুভ দিশো উদয় হয় কোনোবা নহয় কোনোবা দিশে৷ অৱক্ষয় হ’ব ধৰা সমাজ খনক এনাজৰীৰে কটকটীয়া কৰি বান্ধি ৰাখিবলৈ কোনোবা আহে মিঠা সপোন হৈ৷ ৰাজনীতিৰ মাজত মৰম, ভাতৃত্ববোধ, মানৱতা বৰ্তমানে নোহোৱা হ’ব ধৰাৰ সময়তে নলবাৰীৰ এগৰাকী বাৰ বছৰীয়া ছাত্ৰই দেখুৱালে মৰম, ভাতৃত্ববোধ, শ্ৰদ্ধা তথা মানৱতা।

অৱাকিদুল এম চমিৰ নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গৰাকীয়ে যোৱা ১৩ নৱেম্বৰত নিজৰ ওপজা দিন এক ব্যতিক্ৰমেৰে পালন কৰি দেখুৱালে আদৰ্শ। ছাত্ৰজনে তেওঁৰ পিতৃ তথা নীতি নিষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানক কলে তেওঁৰ ওপজা দিন নিজ গৃহত নকৰি পুত্ৰ-বোৱাৰী, কন্যা, আপোন জনৰ পৰা মৰম-আদৰ নাপাই মাথো নিৰ্যাতন লাভ কৰি শেষত অনাথ আশ্ৰমত থাকিব লগা সকলৰ লগত হে পালন কৰিব।

পুত্ৰৰ এনে সমাজমুখী চিন্তাক সাংবাদিক পিতৃ ৰহমানে পুত্ৰক লগত লৈ সিদিনা নলবাৰী চহৰৰ বিজুলী নগৰত থকা মানৱদৰদী সাংবাদিক মজিবুৰ ৰহমানৰ সঞ্চালনাত চলি থকা শান্তি নিৱাসী অনাথ আশ্ৰমলৈ আহে। আশ্ৰমত উপস্থিত হৈ ছাত্ৰ অৱাকিদুল এম চমিৰে আশ্ৰমৰ বৃদ্ধ-বৃদ্ধা আৱাসীসকলক ভৰি চুই আশীৰ্বাদ লয় আৰু কনিষ্ঠ সকলক মৰম যাচে। লগতে মিঠাই বিতৰণ কৰি প্ৰত্যেককে একোখন কম্বল উপহাৰ দি ছাত্ৰজনে নিজৰ ওপজা দিন পালন কৰে। আৱাসীসকলে এটি শিশু ছাত্ৰৰ পৰা এনেদৰে উপহাৰ লাভ কৰি আপ্লুত হৈ পৰে।