প্ৰতাৰক মুখ্যমন্ত্ৰী, ম্যাদ উকলা চেক বিতৰণ কৰিলে চৰাইদেউত

চৰাইদেউঃ পৰিৱৰ্তনকামী চৰকাৰে দিলে এইবাৰ অন্য এক পৰিচয়৷ ম্যাদ উকলা চেক বিতৰণ কৰিলে চৰাইদেউত৷ উল্লেখ্য যে, ২১ অক্টোবৰত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰিত নিৰ্বাচিত কৃষকলৈ কিষাণ ক্ৰেডিট কাৰ্ড, ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ লগতে ধুমুহাত ক্ষতিগ্ৰস্তসকলক সাহায্য বিতৰণ কৰা হৈছিল৷ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই সাহায্য বিতৰণ অনুষ্ঠানত সোণাৰিৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ হিতাধিকাৰীক সাহায্য বিতৰণ কৰা হয়৷ 

কিন্তু সাহায্য বিতৰণৰ ক্ষেত্ৰত অনিয়ম সংঘৗটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ হিতাধিকাৰীয়ে৷ অভিযোগ অনুসৰি চৰকাৰে প্ৰদান কৰা সাহায্যৰ চেক সমূহৰ অধিকাংশ হিতাধিকাৰীয়ে লাভ কৰা চেকৰ ম্যাদ উকলি গৈছে৷ যাৰ ফলত হিতাধিকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে৷ 

ভাষণেৰে জনসাধাৰণৰ মন মোহিত কৰা বিজেপি চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে ম্যাদ উকলা চেকসমুহ এনেদৰে জনসাধাৰণক দি চৰম বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতাৰণাৰ সন্মুখীন হোৱা একাংশ হিতাধিকাৰীয়ে। উক্ত ঘটনাৰ সন্দৰ্ভত ন্যায় বিচাৰি অসম চৰকাৰৰ চৰাইদেউ জিলাৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় সাপেখাতী ৰাজহ চক্ৰ কাৰ্য্যালয়ত হাজাৰ হাজাৰ হিতাধিকাৰীসকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদস্থলীত চি আৰ পি এফ জোৱান মোতায়েন কৰিবলৈ বাধ্য হৈ পৰে৷