ডবকাত অচল হ’ল খুচুৰা পইচা

হোজাইঃ এটকীয়া, দুটকীয়া, পাচ টকীয়া আৰু দহ টকীয়াৰ খুচুৰা পইচা এতিয়া অচল হ’বলৈ গৈ আছে। ক’ৰবাত যদি গ্ৰাহকে গ্ৰহণ নকৰে এই খুচুৰা খিনি, আন ক’ৰবাত আকৌ ব্যৱসায়ীয়ে গ্ৰহণ কৰিবলৈ অমান্তি হয় এই পইচাখিনি। কোনো কোনো বেংকেও আকৌ নানা অজুহাত দেখুৱাই এই পইচাখিনি গ্ৰহণ নকৰি ওভতাই পঠিয়ায় গ্ৰাহকক।

ফলত গ্ৰাহক আৰু ব্যৱসায়ী সকল বিপাঙত পৰিছে এতিয়া। হাজাৰ হাজাৰ টকাৰ খুচুৰা পইচাৰ টোপোলা বান্ধি থৈছে একাংশই। বিগত কিছু ধৰি এই নতুন সমস্যাই দেখা দিছে হোজাই জিলাৰ ডবকাত। ডবকাত এতিয়া খুচুৰাক লৈ বিপাঙত সকলো।

উল্লেখ্য যে, এই সন্ধৰ্ভত ডবকা ৰাজহ চক্ৰ বিষয়াই ডবকাবাসীক খুচুৰা পইচা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আনহাতে খুচুৰা পইচা বন্ধ হোৱা বুলি প্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে বিষয়াগৰাকীয়ে।