
নগাঁওঃ এজন সদ্য বিবাহিত যুৱক, পিতৃ-মাতৃৰ লগতে নৱ-বিবাহিতা পত্নীৰ ভৰণ পোষনৰ দায়িত্ব তেওৰ ওপৰত৷ দৰিদ্ৰ পৰিয়ালক এটা ভাল ভবিষ্যত দিবৰ বাবে চকুত অজুত সপোন লৈ গৈছিল বহিঃৰাজ্যলৈ৷ সময়ৰ লগে লগে সকলো থিকেই আছিল, ঘৰলৈ টকা পঠিওৱাৰ লগতে কেইটামান টকা সাঁচিচিল বিপদত সহায় হ'ব বুলি ৷ কিন্তু বিধিয়ে দিলে, বিধাতাই নিদিয়ে৷ বিধাতাৰেই চকু পৰিল নগাঁও জিলাৰ বেবেজীয়া জামুগুৰি গাঁৱৰ যুৱক উৎপল কাকতিৰ জীৱনত।
ভুল চিকিৎসাই তিলতিলকৈ মৃত্যুৰ দিশে আগুৱাই লৈ গৈছে উৎপলক৷ জামুগুৰি গাঁৱৰ থুলেশ্বৰ কাকতি আৰু পূৰ্ণিমা কাকতিৰ সন্তান উৎপল কাকতি। এক জটিল ৰোগে উৎপলৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। যি দৃশ্য দেখিলে দুচকুৰে নিগৰি পৰিব চকুলো। ছমাহৰ পূৰ্বে কৰ্ম সংস্থাপন বাবে পত্নী তথা পিতৃ-মাতৃক এৰি বহিঃ ৰাজ্যত আছিল। তাত থাকোতেই উৎপলৰ সো ভৰিত টিউমাৰ হয়।
টিউমাৰ হোৱাৰ বাবে নিজৰ পৰিয়ালৰ ওচৰত থাকি চিকিৎসা কৰিব বুলি নিজ গৃহ পায়হি উৎপল। পিছত চিকিৎসকক দেখুৱাত চিকিৎসকে টিউমাৰতো অস্ত্ৰোপচাৰ কৰে। কিন্ত অস্ত্ৰোপচাৰৰ পিছত বেয়াৰ ফালে ঢাল খায় উৎপলৰ ভৰি খন৷ ভূল চিকিৎসাৰ বাবে দিনক দিনে ক্ৰমান্বয়ে ভৰিখন ফুলি গৈ বিষত উঠিব নোৱাৰা হয়৷ বৰ্তমান উৎপলৰ বাবে বিচনাখনেই হৈ পৰিছে এক মাত্ৰ সাৰথি।
আনকি ভৰি ফুলাৰ পৰা উপশম পাবৰ বাবে চিকিৎসকে যি দৰৱ দিলে সেয়া দৰব খোৱাৰ পিছত উৎপলৰ সোঁ চকুতো সম্পূৰ্ণ ৰূপে বেয়া হৈ নেদেখা হৈ পৰিল। দুচকুত হাজাৰ সপোন থাকিলেও দূৰ্ভগীয়া পত্নী আৰু পিতৃ-মাতৃৰ এতিয়া উৎপলক চিকিৎসা কৰিবলৈ নাই হাতত ধন৷ উৎপলৰ দুবছৰীয়া কণমানি ছোৱালী জনীক লৈ এতিয়া দিশহাৰা হৈ পৰিছে উৎপলৰ পত্নী। সেই বাবে এতিয়া আৰ্থিক চিন্তাত জুৰুলা হৈ কান্দোনত ভাগি পৰিছে পত্নীৰ লগতে পৰিয়ালৰ লোক। কাৰণ সাধাৰণ এটা পৰিক্ষা কৰিবলৈও হাতত নাই ধন। উৎপলক চিকিৎসকে গুৱাহাটীৰ চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে নিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু,প্ৰৱল ইচ্চা থকা সত্তেও পত্নী আৰু, পিতৃ-মাতৃ অপাৰগ। উৎপলে বহু কষ্টৰে উপাৰ্জন কৰি অনা সাচঁতীয়া ধন কেইটাও নিজৰ চিকিৎসাৰ নামতে খৰচ হ'ল।
আনহাতে অৱস্থা ক্ৰমান্বয়ে বেয়া ফালে গতি কৰাত পৰিয়ালৰ লগতে উৎপলে নিজেও জীয়াই থাকিবৰ বাবে সহায় বিচাৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়িকা আঙুৰ লতা ডেকাৰ লগতে সুহৃদয়বান লোক আৰু দল সংগঠনৰ। কোনো সুহৃদয়বান লোকে সহায় আগবঢ়াব খুজিলে বেবেজিয়া ইউ বি আই শাখাৰ একাউন্ট - 0635010145183 নম্বৰত সাহাৰ্য আগবঢ়োৱাৰ লগতে 7035290355 / 7399386148 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। ৰাইজৰ অকণমান সহায়ে এই দূৰ্ভগীয়া পৰিয়ালটিলৈ আনিব পাৰে সকাহ।
অতিকৈ লাজৰ বিষয় যে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকায়ো দুৰ্ভগীয়া পৰিয়ালটোক বৰ্তমানলৈকে কোনো খবৰ অথবা সহায়ৰ হাত আগবঢ়োৱা নাই। বৰ্তমান বিধায়িকা আঙুৰলতা ডেকাৰো সহায় আশা কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। উল্লেখনীয় যে যিকোনো এটা সমষ্টিৰ সাধাৰণ শ্ৰেণী ৰাইজে সেই সমষ্টিৰ স্থানীয় জন প্ৰতিনীধিৰ পৰা বিপদত পৰিলে অলপ সহায় পাব বুলি আশা কৰে। কিন্তু পৰিতাপৰ বিষয় এই যে বটদ্ৰৱা সমষ্টিৰ বিধায়িকাৰ দলীয় নেতা কৰ্মীৰ পৰা এই অসহায় পৰিয়ালটোৰ দূখ-দূৰ্দষা কথা কাণত পৰাৰ পিছতো আৰু দুই তিনিবাৰ সহায়ৰ ভিক্ষা বিচাৰি পৰিয়ালৰ লোক বিধায়িকা গৰাকীৰ ঘৰলৈ যোৱা পিছতো আজিলৈ পোৱা নাই কোনো সহায়ৰ হাত৷
সেই বাবে এই অসহায় উপায়হীন পৰিয়ালৰ কাষ চাপিছে সংবাদ newsnextone.comৰ৷। যাতে অসমৰ হৃদয়বান ব্যক্তিয়ে জীয়া বাস্তৱ যান্ত্ৰনাত ভুগি থকা পৰিয়ালটোক সহায় কৰে।