
newsnextone.com | ডিব্ৰুগড়ঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান উৎপল গগৈ৷ সহজ-সৰল উৎপল গগৈয়ে কিশোৰ অৱস্থাত ভাবিছিল পঢ়ি শুনি ডাঙৰ মানুহ হম৷ কিন্তু দৰিদ্ৰ পিতৃয়ে চাহ বাগিচাত দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিব নোৱাৰাত এদিল স্কুলৰ পৰিৱৰ্তে আনৰ ঘৰত কাম কৰিবলৈ ওলাই গৈছিল উৎপলে৷ এসাজ খাই এসাজ লঘোনে থকা পিতৃ-মাতৃৰ বাবে ভাত সাজ যোগাৰ কৰাৰ বাবে আৰম্ভ কৰিছিল দিন হাজিৰা কৰিবলৈ৷
তেতিয়া উৎপলৰ আছিল কিশোৰ অৱস্থা৷ তেতিয়াৰ পৰাই ইঘৰ-সিঘৰত কাম কৰি লাভ কৰা টকা কেইটাৰে পৰিয়াল চলাবলৈ আৰম্ভ কৰে৷ পিতৃয়ে অকলে দিন হাজিৰা কৰি পৰিয়াল চলাব নোৱাৰাত উৎপলে প্ৰতিদিনে দিন হাজিৰা কৰিবলৈ ওলাই যাব লগা হয়৷ পৰিয়ালটোৰ ভাত মুঠিৰ বাবে স্কুললৈ উভতি আহিব নোৱাৰিলে৷ এনেদৰে দিন হাজিৰা কৰি জীৱনৰ প্ৰায় ১০টা বসন্ত পাৰ কৰিলে উৎপলে৷ উৎপল এতিয়া ২৫ বছৰীয়া যুৱক৷
দিন হাজিৰা কৰি পোৱা টকা কেইটাৰে নিতৌ বজাৰ-সামৰ কৰি আনি সুখত পৰিয়ালটো চলাই আছিল উৎপলে৷ কিন্তু বিধিৰ বিপাক৷ পৰিয়ালটোৰ ওপৰত কাৰোবাৰ যেন নজৰহে পৰিল৷ যোৱা প্ৰায় ৬মাহ ধৰি উৎপল বিছনাৰ সংগী৷ কিয়নো উৎপলৰ দেহত কৰ্কট ৰোগৰ বীজাণুৱে বাহ লৈছে৷ এই খবৰৰ বাবে পৰিয়ালটোৱে হাহাকাৰ কৰিব লগা হয়৷
পৰিয়ালটোৰ বাবে উপাৰ্জন কৰা লোকজনে কৰ্কট ৰোগক আক্ৰান্ত হৈ বিছনাৰ সংগী হ’ব লগা হোৱাত পিতৃয়ে বৃদ্ধ অৱস্থাত পুনৰ চাহ বাগিচাত কাম কৰিবলৈ বাধ্য হয়৷ পৰিয়ালটোৱে সাধ্য অনুযায়ী উৎপলক চিকিৎসা কৰিলে যদিও উৎপলে আৰোগ্য লাভ কৰা নাই৷ উৎপলক প্ৰয়োজন উন্নত চিকিৎসাৰ৷ সেয়াও ৰাজ্যত বাহিৰত কৰিব লাগিব এই চিকিৎসা৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মেৰেলী পথাৰ গাঁৱৰ বুধিন গগৈ পুত্ৰ উৎপলে পুনৰ সুস্থ হ’ব বিচাৰে৷ পুনৰ কামত ধৰি পৰিয়ালটোক পোহপাল দিব খোজে৷
সৰুৰে পৰা অতি কষ্টৰে ডাঙৰ-দীঘল হোৱা উৎপলৰ পৰিয়ালে চিকিৎসা কৰিবলৈ টকা পাব ক’ত। নানা ঘাট-প্ৰতিঘাট জীৱনত ওচৰৰ পৰা দেখি অহা এমুঠি অন্নৰ বাবে পিতৃ-মাতৃয়ে সংগ্ৰাম কৰা দেখি অহা উৎপল গগৈক কোনো কৰিব সহায়৷ বৰ্তমানলৈ চৰকাৰী পক্ষই উৎপলক সহায়ৰ আশ্বাস দিছে যদিও উৎপলৰ চিকিৎসাৰ বাবে ৰৈ থাকিব নোৱাৰে৷ সেয়হে পিতৃ-মাতৃয়ে ৰাইজৰ পৰা সহায় হিচাৰিছে উৎপলৰ চিকিৎসাৰ বাবে৷
ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ পৰিয়ালটোৱে সুহৃদয়ৱান লোকৰ সহায় বিচাৰিছে। উল্লেখ্য যে, চৰাকৰী পক্ষই বিশেষ আঁচিনৰ জৰিয়তে সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে যদিও দৰিদ্ৰ পৰিয়ালটোৰ যুৱকজনে চৰকাৰৰ ঘৰৰ টকা পোৱালৈকে বহু পলম হ’ব৷ তাৰ পূৰ্বেই উন্নত চিকিৎসাৰ প্ৰয়োজন তেওঁক৷ পিতৃ-মাতৃয়ে ৰাইজক কাতৰ অনুৰোধ জনাই সহায় কৰিবলৈ৷ যদি কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 9678234280 নম্বৰত যোগাযোগ কৰিব পাৰে৷ কোনো লোকৰ অকন সহায়ে পৰিয়ালটোৰ হেৰুৱা হাঁহিটো পুনৰ উভতি অনাত সহায় কৰিব পাৰে৷