
ডিব্ৰগড়ঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম সুৰক্ষা সেনাৰ ডিব্ৰুগড় জিলা সমিতি অাৰু অালফাৰ কাকপথাৰ শিবিৰৰ উদ্যোগত অালফাৰ উপদেষ্টা প্ৰয়াত ভীমকান্ত বুঢ়াগোহাঁই তথা মামাৰ সোঁৱৰণত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
ভলীবল প্ৰতিযোগিতাৰ লগতে মামাক স্মৰণ কৰাৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়৷ অহা ১৮ অাৰু ১৯ ডিচেম্বৰত ৰহমৰীয়াৰ গেনীচুক ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব৷ কাৰ্যসূচী অনুসৰি ১৮ ডিচেম্বৰৰ দিনৰ ১২ বজাত পতাকা উওোলন কৰিব খেল পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ দওই৷
দিনৰ ১ বজাত শ্বহীদ তৰ্পণ কৰিব খেল পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অনিৰ্বাণ দওই৷ বিয়লি ৩ বজাত ভলীবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব ৰহমৰীয়া অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ দুৱৰীয়ে৷ ১৯ ডিচেম্বৰৰ পুৱা ৯ বজাত স্বৰ্গীয় ভীমকান্ত বুঢ়াগোহাঁইৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন অাৰু মাল্যাপন কৰা হ’ব৷
দিনৰ ১১ বজাত স্মৃতিচাৰণ সভা অাৰু ৩.৩০ বজাত গীত-মাতেৰে মামাক শ্রদ্ধাঞ্জলি জনাব ৰাজীৱ শদিয়া, বিদ্যুৎ বিকাশ অাৰু হৃতিস্মান দওই৷ ৰহমৰীয়া অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতা অাৰু উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰিছে অসম সুৰক্ষা সেনাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ত্রিদীপ দাস, ৰূপাংকৰ শৰ্মা, সাংগঠনিক সম্পাদক ৰঞ্জন দও অাৰু অায়োজক সমিতিৰ সভাপতি ৰাজীৱ দও, কাৰ্যকৰী সভাপতি উওম কুমাৰ শৰ্মা, সম্পাদক অনিৰ্বাণ দও অাৰু ভাস্কৰ জোনাক দওই৷