
খেৰণিঃ দেশৰ ৰাজনৈতিক দল, স্বেচ্ছাসেৱী অনুষ্ঠান বিভিন্ন সংগঠনে নাৰীৰ অধিকাৰ, সুৰক্ষাৰ হকে মাত মাতি আহিছে৷ দেশৰ নাৰীয়ে যাতে সমান সমান অধিকাৰ সহ সন্মান সহকাৰে জীয়াই থাকিব পৰাৰে তাৰ বাবে নাৰীৰ কণ্ঠ বিধানসভা, লোকসভা, ৰাজ্যসভাত উত্থাপন কৰিব পাৰে তাৰ বাবে মহিলাৰ বাবে আসন সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে দল-সংগঠনে৷
দেশৰ জনসাধাৰণে যিমানে নাৰীৰ সৱলীকৰণ, সুৰক্ষাৰ কথা আহিছে সিমানে প্ৰতিদিনে নাৰীৰ বিৰুদ্ধে যৌতুক জনিত হিংসাৰ ঘটনা, যৌন নিৰ্যাতন, ধৰ্ষণ, এছিড আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ ইয়াৰ লগে লগে নাৰীক বদনাম কৰাৰ এক নতুন মাধ্যম হৈছে ছচিয়েল মিডিয়া৷
একাংশ মহিলাৰ নামত ফেচবুক, টুইটাৰ আদিত ভুৱা একাউন্ট খুলি সময়ে সময়ে মহিলাক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা দেখা যায়৷ একাংশ লোকে ফটো সম্পাদনা কৰি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি নাৰীক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে৷ ইমানে নহয় অশ্লীল ভিডিঅ’ সম্পাদনা কৰি কোনো মহিলা-যুৱতীৰ ফটো সংলগ্ন কৰি অপপ্ৰচাৰ কৰি একো একোগৰাকী মহিলাক মানসিকভাৱে হত্যা কৰাৰ চেষ্টা কৰাৰ বাতৰি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷
যিটো সময়ত পুৰুষে নাৰী দিৱস পালন কৰে৷ নাৰীক সন্মান কৰো বুলি ছচিয়েল মিডিয়াত বৰ বৰ কথাৰে আপডেট দিয়ে তেনে সময়তে কাৰ্বি পাহাৰৰ অৱলা নাৰীক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে একাংশ দুষ্ট মানসিকতাৰ লোকে৷ এই ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙত৷ কাৰ্বি আংলঙত এটি অশ্লীল ভিডিঅ’ক লৈ একাংশ লোকে জনজাতীয় যুৱতী এগৰাকীক মানসিক ভাৱে হত্যা কৰাৰ চেষ্টা কৰাৰ খবৰ প্ৰচাৰ হৈছে৷
পৰিষদীয় ৰংখাং সমষ্টিৰ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত তথা ৰংকুৰইৰ এগৰাকী সাধাৰণ ঘৰৰ নম্ৰ যুৱতীৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এটি বিভ্ৰান্তিকৰ ভিডিঅ’ত যুৱতীগৰাকীক সাঙুৰি ব্যাপক প্ৰচাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে৷
জানিব পৰা মতে, অঞ্চলটোত একাংশ লোকে এটি ভিডিঅ’ ভাইৰেল কৰে৷ একাংশ লোকে যৌনগন্ধী ভিডিঅ’টোত থকা যুৱতীগৰাকী সেই অঞ্চলৰ বুলি প্ৰচাৰ কৰে৷ চৌদিশে বিয়পি পৰা অশ্লীল ভিডিঅ’টোৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰি থকা যুৱতীগৰাকীক মানসিকভাৱে হত্যা কৰাৰ চেষ্টা চলিছে বুলি অভিযোগ উত্থাপন হয়৷
অশ্লীল ভিডিঅ’টোৱে ভিতৰি তোলপাৰ লগাইছে ৰংকুৰই অঞ্চলত। ভিডিঅ’টোৰ যুৱতী গৰাকী কোনো কাৰণতে যুৱতীগৰাকী নহয় সেই কথা স্পষ্ট৷ প্ৰকৃততে সেয়া কাৰ্বি পাহাৰৰ স্থানীয় যুৱতীগৰাকীৰ ভিডিঅ’ নহয় এই দাবী কৰে ৰাইজে৷
যুৱতীগৰাকীৰ চেহেৰাৰ আংশিক মিল থকাৰ বাবেই অঞ্চলটোৰ দুজন যুৱকে ভিডিঅ’টো ছচিয়েল মিডিয়াত এৰি দিয়ে৷ যুৱক দুজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছতেই ঘটনা সম্পৰ্কে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপে।
আৰক্ষীয়ে অভিযোগৰ ভিত্তিত যুৱক দুজনক আটক কৰি ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে। যুৱকদুজনে স্থানীয় যুৱতীগৰাকীক লক্ষ্য কৰি অপপ্ৰচাৰ কৰা নাছিল বুলি স্পষ্টীকৰণ দিয়ে৷ যুৱক দুজনে ভিডিঅ’টো প্ৰচাৰ কৰে যদিও যুৱতীগৰাকীৰ কথা কোৱা নাছিল বুলি কয়৷ ভৱিষ্যতে এনে অনৈতিক আৰু অসমাজিক কামৰ পৰা আঁতৰত থাকিব বুলিও লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱকদুজনে।
ছ’চিয়েল মিডিয়াত কৰা কুকৰ্ম আৰু অসামাজিক কাৰ্যকলাপৰ বাবে সমগ্র মহিলা সমাজে অপমাণ বোধ কৰে৷ অশ্লীল ভিডিঅ’ত প্ৰত্যক্ষ কৰা যুৱতীগৰাকীৰ সৈতে কাৰ্বি পাহাৰৰ যুৱতীগৰাকীৰ নাম সাঙুৰ খাই পৰাটো সভা সমাজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷