লালুকত ৰাজহুৱা শ্ৰম দানেৰে পথ মেৰামতি

লালুকঃ লালুকৰ উত্তৰ দিশৰ এক বৃহৎ অঞ্চলৰ যোগাযোগৰ অন্যতম লালুকৰ পৰা বালিগাওঁ হৈ ঢেকিয়াজুলি সংযোগী গড়কাপ্টানি পথটোৰ দুৰৱস্থাই ৰাইজক বিগত দুবছৰ ধৰি জীয়াতু ভোগাই আহিছে৷ উত্তৰ লালুকৰ এটা বৃহৎ অংশ সামৰি থকা গাভৰু নৈ বাঢ়নী পানীয়ে দুবছৰৰ পূৰ্বেই উক্ত পথটোৰ কেইবা ঠাইত ছিঙি পেলাইছিল৷

গড়কাপ্টানি বিভাগে বানৰ সময়ত আংশিক মেৰামতি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ পাছত কিন্তু খৰালি কোনো ব্যৱস্থা নকৰিলে৷ যোৱা বৰ্ষতো বাঢ়নী পানীয়ে পথটোত থকা এটা কালভাৰ্টৰ একাংশ পথ ছিঙি উটুৱাই নিয়ে৷ ফলত বিগত সময়ছোৱাত পথটোৰে যাতায়ত বন্ধ হৈ আছিল।

কেইডালমান জইচ পাৰি সাধাৰণভাৱে যাতায়ত কৰিছিল যদিও যান-বাহন পাৰ কৰিব পৰা নাছিল৷ গড়কাপ্টানি বিভাগৰ অধীনস্থ পথ হেতুকে কোনো ধৰণৰ পুঁজি গাওঁ পঞ্চায়তে খৰছ নকৰাত ৰাইজে গাভৰু জিলা পৰিষদ সদস্যা জোনমনি বৰুৱাৰ কাষ চাপে৷

সদস্যাগৰাকীয়ে বিষয়টো সন্দৰ্ভত বিভাগৰ লগত যোগাযোগ কৰি কোনো সুদুত্তৰ নাপায় নিজাকৈ খৰছ বহন কৰিয়েই মেৰামতি কৰি দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে৷ সেই অনুসৰি আজি উক্ত ছিঙা অংশৰ মেৰামতিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী লৈ ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শ্ৰমদান আগবঢ়ায়৷

বাহ, বস্তা আৰু মাটিৰে ছিঙা অংশতো ভালকৈ নিৰ্মাণ কৰি যাতায়তৰ সূচল কৰি তোলে৷ শ্ৰমদানত উত্তৰ লালুক গাওঁ পঞ্চায়তৰ ৰঙাজান ৱাৰ্ডৰ সদস্য মনচুৰ আলি, কৰুণাবাৰী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা জিতেন ফুকন উপস্থিত থাকে৷ ইফালে গাভৰু জিলা পৰিষদৰ সদস্যাগৰাকীৰ মহানুভৱতাক ৰাইজে শলাগ লৈছে৷