
ওদালগুৰিঃ বছৰৰ এটা দিন হলেও আপুনি প্ৰকৃতিৰ ৰম্যভূমিত আপোন পাহৰা হ’বলৈ বিচাৰে। ইন্টাৰনেটৰ যুগত মানুহ যন্ত্ৰৰ দৰে হৈ পৰিছে এই কথা সকলোৱে উপলদ্ধি কৰিব আৰম্ভ কৰিছে। কংক্ৰিটৰ মহানগৰত বাস কৰি তথা ব্যস্ত থাকি আপুনি-মই সেউজীয়া কি সেয়া পাহৰিয়ে পেলাইছো। যদি আপুন ব্যস্ত জীৱনটোত উশাহ লবলৈ পাহৰিছে তেন্তে তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ডলৈ আহক৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰিব ভৈৰৱকুণ্ডত।
ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নদী খনে আপোনাক আপোন পাহৰা কৰিব। ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰিব। ক্ষন্তেকৰ বাবে হলেও আপুনি প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰিব। ভূটান পাহাৰৰ পৰা বৈ অহা নিৰ্মল জলধাৰাই আপোনাৰ মন মুহিবলৈ সক্ষম হ’ব। তাৰ মাজতে, অহা ১৭ জানুৱাৰীৰ পৰা বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু ভৈৰৱকুণ্ড পৰ্যটন শাখাৰ সহযোগত চাৰি দিনীয়া কাৰ্যসূচীৰে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
ভৈৰৱকুণ্ড পৰ্যটনথলীত অনুষ্ঠিত হ’ব ষষ্ঠ বাৰ্ষিক পৰ্যটন মহোৎসৱ৷ ওদালগুৰি নগৰ সমিতিৰ সভাকক্ষত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে এখন সভা অনুষ্ঠিত কৰি গঠন কৰে ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ পৰিচালনা সমিতি। সভাই মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীক কাৰ্যকৰী সভাপতি, ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰিপেন দৈমাৰীক মুখ্য আহ্বায়ক প্ৰচাৰ, অতিথি আপ্যায়ণ, প্ৰদৰ্শনী, আলোচনা চক্ৰ, খাদ্য আদিকে ধৰি উপ সমিতি সমূহো গঠন কৰে।
সভাত মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়েও আলোচনা কৰা হয়। অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, ভলীবল আৰু কুইজ প্ৰতিযোগিতাৰ লগতে বিভিন্ন আকৰ্ষণীয় মেলা, প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে পৰ্যটন মহোৎসৱত। মহোৎসৱত গ্ৰাহকক এক আকৰ্ষণ কৰি আহিছে থলুৱা কৃষকৰ হাতেৰে উৎপাদিত মিঠা ষ্ট্ৰৱেৰী, ভূটান, অৰুণাচল প্ৰদেশৰ কমলাই। আনহাতে এইবেলি ষষ্ঠ বাৰ্ষিক ভৈৰৱকুণ্ড পযৰ্টন মহোৎসৱৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বহিঃৰাষ্ট্ৰ ভূটান আৰু সমীপৰ অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
মহোৎসৱ উপলক্ষে ভৈৰৱকুণ্ড পৰ্যটনথলীক নৰূপত সজাই তোলাৰ বাবে সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। ভাৰত-ভূটান আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিসংগমস্থলীত ৰূপে বিখ্যাত ভৈৰৱকুণ্ডই ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে ভাৰতবৰ্ষটো এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিবছৰে পহিলা জানুৱাৰীৰ পৰাই ৰাজ্যক বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰ্যটক ভৈৰৱকুণ্ডলৈ আহে৷