
ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চুৰি গাড়ী৷ গাজিয়াবাদৰ মোহন নগৰৰ পৰা উদ্ধাৰ হয় কেজিৱালৰ চুৰি ৱেগানাৰ গাড়ী খন৷ গাজিয়াবাদলৈ কোনে, কেনেকৈ নিলে সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই৷ মুখ্যমন্ত্ৰী অৰবিন্দৰ গাড়ীৰ বৰণ আৰু মডেল চুৰি গাড়ীৰ সৈতে মিল আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷
দিল্লী আৰক্ষীয়ে ইঞ্জীন নম্বৰো মিলাই চোৱা বুলি জানিব পৰা গৈছে৷ আম আদমি পাৰ্টীৰ ইতিহাসৰ সৈতে এই গাড়ী খনৰ ইতিহাস জড়িত হৈ আছে৷ ১২ অক্টোবৰত দিল্লী সচিবালয়ৰ বাহিৰৰ পৰা চুৰি হৈছিল হৈছিল নীলা ৰঙৰ ৱেগনাৰখন৷ দীৰ্ঘদিনে নিজে চলোৱাৰ লগতে আম আদমি পাৰ্টীৰ কাম কাজত গাড়ী খন ব্যৱহাৰ কৰি আহিছে কেজৰিৱালে৷
নীলা ৰঙৰ ৱেগনাৰ, কাহ আৰু মাফলাৰৰ বাবে জনাজাত দিল্লীৰ মুখ্যমন্ত্ৰী৷ বিশেষকৈ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰা ৱেগনাৰ গাড়ী খনৰ কথা নাজানে কোনে৷ সাধাৰণ জীৱন-যাপন কৰা মুখ্যমন্ত্ৰী কেজৰিৱালে মুখ্যমন্ত্ৰী হৈয়ো সেই গাড়ী খনকে ব্যৱহাৰ কৰি আহিছিল৷ প্ৰৱাসী ভাৰতীয় কুন্দন শৰ্মাই উপহাৰ দিয়া এই গাড়ীখন মুখ্যমন্ত্ৰীজনে আম আদমী পাৰ্টীৰ সভাপতি হৈ থকাৰ সময়ৰ পৰাই ব্যৱহাৰ কৰি আহিছে।
সচিবালয়ৰ সন্মুখৰ পৰা গাড়ী খন নোহোৱা হোৱাৰ বাতৰিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, দিল্লী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ লোৱাৰ পিচতে ২০১৪ চনত দিল্লী আৰক্ষীৰ কামকাজৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সময়ত এই নীলা ৰঙৰ ৱেগনৰ গাড়ীখনে যথেষ্ঠ সংখ্যক মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কাৰণ সেই সময়খিনিত মুখ্যমন্ত্ৰীজনে এই গাড়ীখনকে কেম্প হিচাপে ব্যৱহাৰ কৰিছিল।গাড়ীখন সেই সময়খিনিত মুখ্যমন্ত্ৰীজনে শুবলৈও ব্যৱহাৰ কৰিছিল। নীলা গাড়ীখন আম আদমী পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালে ৰাজনীতিক সকলৰ ভিআইপি কালচাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।