প্ৰাচীৰ পত্রিকা ‘জ্ঞান-জ্যোতি’ উন্মোচন

জাজৰিঃ ১৯৪৪ চনতে স্থাপিত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২য় পৰ্যায়ৰ গুণোৎসৱৰ লগত সংগতি ৰাখি ‘জ্ঞান-জ্যোতি’ নামৰ প্ৰাচীৰ পত্রিকাখন উন্মোচন কৰা হয়। ১০ অক্টোৱৰত পুৱা ৯ বজাত আটক ধুনীয়াকৈ সজোৱা প্ৰাচীৰ পত্রিকা খনি আনুষ্ঠানিক ভাবে উন্মোচন কৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত শৰ্মাই। 

উন্মোচনী অনুষ্ঠানত পৰিচালনা সমিতিৰ উপসভাপতি ৰাহুল দেৱ বৰদলৈ, প্ৰাক্তন সভাপতি ফইজুৰ ৰহমান, ছিফাদুৰ ৰহমান, বিদ্যালয় খনৰ অধ্যক্ষ হিতেশ চন্দ্ৰ ডেকা, উপাধ্যক্ষ ৰেকিবুদ্দিন আহমেদ আৰু বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রীসকল উপস্থিত থাকে।