
কামপুৰঃ মাঘ বিহু উপলক্ষে তাহানিৰ পৰম্পৰা ৰক্ষা কৰি নগাৱৰ কামপুৰত অনুষ্ঠিত হয় গৰু যুজ। কামপুৰৰ লুটুমাৰীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় গৰু যুঁজৰ প্ৰতিযোগিতা৷ জীৱ-জন্তুৰ যুঁজত ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো লুটুমাৰি আঞ্চলিক যুৱক সংঘই পৰম্পৰা ৰক্ষা কৰি গৰু যুঁজৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷
গৰু যুঁজ প্ৰতিযোগিতাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ২২ হাল বলধ গৰুৱে অংশ লয়৷ পৰম্পৰা ৰক্ষা কৰি এইবাৰ মহ যুঁজ নহয়, গৰু যুজঁ অনুষ্ঠিত কৰে কামপুৰৰ লুটুমাৰীবাসীয়ে৷
ভোগালী বিহু উপলক্ষে নগাঁৱৰ কামপুৰ লুটুমাৰী জুবিলি পথাৰত অনুষ্ঠিত কজলা-পখৰাই যুঁজ দলে। লুটুমাৰী যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত গৰু যুঁজৰ প্ৰতিযোগিতা বিগত ১১ বছৰে অনুষ্ঠিত হৈ আহিছে৷ বলধৰ যুঁজ চাবলৈ জুবিলি পথাৰত সমবেত হয় শ-শ লোক৷