যমুনামুখবাসী সাৱধান, আপোনালোকক লেতেৰা পানী খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে

হোজাইঃ উন্নয়নৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি, অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নক গুৰুত্ব প্ৰদান কৰিছনে৷ 

এই প্ৰশ্ন এতিয়া চৌদিশে উঠিবলৈ আৰম্ভ কৰিছে৷ কিয়নো আজিও গ্ৰাম্য অঞ্চল বাট-পথৰ জৰাজীৰ্ণ অৱস্থা৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে৷ যাৰ বাবে এই প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়ণক গুৰুত্ব প্ৰদান কৰিছেনে৷

কংগ্ৰেছৰ দিনত গাঁৱে-ভূঞে অজস্ত্ৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছে যদিও সেয়া মাত্ৰ একাংশ বিষয়া-অভিযন্তা-ঠাকাদাৰৰ ধন ঘটিবৰ বাবেহে নিৰ্মাণ কৰা হৈছিল৷ কিয়নো তেনে কোনো আঁচনিয়ে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব পৰা নাই৷

হাবি-জঁংঘলে আৱৰি ৰাখিছে এই আঁচনি সমূহ৷ ৰাজ্যৰ খনৰ আঙুলিৰ মুৰত গনিব পৰা মাথো কেইটামান বিশুদ্ধ খোৱাপানী যোগান আঁচনিয়ে হে পানী যোগান ধৰি আহিছে৷ যি কেইখন আঁচনিয়ে পানী যোগান ধৰি আহিছে সেয়া প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰি আছেনে৷ 

হোজাই জিলাৰ যমুনামুখত পানী যোগান আঁচনীয়ে প্ৰমাণ কৰি দিছে প্ৰকৃততে বিশুদ্ধ পানী যোগান ধৰিব পৰ নাই চৰকাৰে৷ মাহেকৰ পিছত মাহ ধৰি পানী জমা হোৱা টেংকী সমূহ পৰিস্কাৰ নকৰাৰ ফলত হাবি জংঘলে আঁৱৰি আছে৷ বহু দুন ধৰি জমা হৈ থকা পানীৰ বৰণ ৰঙা পৰি গৈছে৷ গছ, লতা গজিছে টেংকীৰ ভিতৰত৷

মুঠৰ ওপৰত অবৰ্ণনীয় পৰিবেশ৷ যমুনামুখত খোৱাপানীৰ বাবে হাহাকাৰ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা বিশুদ্ধ খোৱাপানী বিচাৰি এতিয়া ৰাইজে প্ৰতিবাদ কৰিব লগা হৈছে৷ হোজাইৰ যমুনামুখত খোৱাপানীৰ বাবে হাহাকাৰ কৰি খোৱাপানীৰ নামত লেতেৰা আৰু গেলা পানী যোগান ধৰাৰ অভিোগ উত্থাপন কৰে ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে৷ 

যমুনামুখৰ গোপীনাথ কলনি পানী যোগান আঁচনি আৰু এৰাকপিলি পানী যোগান আঁচনি টেংকী সমূহ পৰিস্কাৰ নকৰাৰ ফলত হাবি জংঘলে আঁৱৰি আছে৷ বহু দুন ধৰি জমা হৈ থকা পানীৰ বৰণ ৰঙা পৰি গৈছে৷ গছ, লতা গজিছে টেংকীৰ ভিতৰত৷ 

এটাত যদি পোক পৰুৱা গেলি পচি যোৱা পানী যোগান ধৰা হৈছে আনটোত আকৌ যমুনা নৈৰ লেতেৰা পানী ফিল্টাৰ নকৰাকৈ যোগান ধৰা হৈছে৷ লেতেৰা পানী সেৱন কৰি অঞ্চলটোৰ ৰাইজে নানাধৰনৰ বেমাৰত আক্ৰান্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ বাৰাম্বাৰ অভিযোগ দিয়াৰ পাছতো গুৰুত্ব জনস্বাস্থ্য কাৰিকৰী বিভাগে গুৰুত্ব প্ৰদান নকৰা বুলি কয় ৰাইজে৷ 

ফলত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে৷ শীঘ্ৰে বিশুদ্ব খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰক দাবী জনায়৷ বিশুদ্ব খোৱাপানী যোগান ধৰিব নোৱাৰিলে আচনি সমূহ বন্ধ কৰি দিবলৈ আহ্বান জনাই ৰাইজে৷