
নগাঁওঃ বহু পলমকৈ হ’লেও ধৰালৈ নামি অহা শীতৰ আগমনে গৰমে অতিষ্ঠ কৰি তোলা বাতাৱৰণ শীতলাই তুলি এক চেঁচা মায়াময় পৰিবেশৰ ৰছনা কৰিলেও শীতৰ লগতে অহা বিভিন্ন ৰোগৰ বীজাণুয়ে ৰাইজক এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন কৰাইছে ৷ঘাইকৈ নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত বিগত এপষেক মানৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা জ্বৰ,কাহ আৰু চৰ্দি ৰোগৰ প্ৰকোপে সৰ্বস্তৰৰ লোককে অতিষ্ঠ কৰি তুলিছে ৷
জিলাখনৰ প্ৰায় সংখ্যক গাঁও অঞ্চলত বৰ্তমানলৈকে এই ৰোগে সংহাৰী ৰূপ ধাৰণ কৰা নাই যদিও দিনে দিনে আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷বৰ্তমান শিশুৰ পৰা বৃদ্ধলৈকে এই ৰোগত আক্ৰান্ত হৈছে যদিও শিশু আৰু যুৱক-যুৱতীৰ সংখ্যাই হ’লে অধিক ৷কিন্তু এনে পৰিস্থিতিত জিলা স্বাস্থ্য বিভাগে যি তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰিব লাগিছিল তেনে নকৰাত দৰিদ্ৰ পৰিয়ালৰ লোকসকল উপযুক্ত চিকিৎসাৰ অভাবত ভীষণ সমস্যাত পৰিছে ৷
কাৰণ,গঞাৰাইজৰ সুবিধাৰ্থে গ্ৰামাঞ্চলবোৰত স্থাপন কৰা স্বাস্থ্য কেন্দ্ৰবোৰৰ পৰা বিনামূলীয়া ঔষধ-পাতিকে ধৰি পৰ্যাপ্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে দুৰ্ভগীয়া গঞাৰাইজ ৷আনকি পৰিতাপৰ বিষয় যে গ্ৰামাঞ্চলবোৰত থকা স্বাস্থ্য কেন্দ্ৰবোৰত ৰাইজে দৰকাৰী সময়ত চিকিৎসকক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে আজিৰ তাৰিখত ৷যাৰ পৰিণতিত উপায়বিহীন হৈ গঞাৰাইজে চৰম বিপাঙত পৰি ধনৰ অভাৱত চহৰাঞ্চলৰ চিকিৎসালয়লৈ যাব নোৱাৰি স্থানীয় ফাৰ্মাচীৰ পৰাই দৰৱ-পাতি কোনো ৰকমে ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৷গতিকে গ্ৰামাঞ্চলবোৰত পৰ্যাপ্ত চিকিৎসা সেৱাৰ সুচল ব্যৱস্থা গ্ৰহন কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে৷