ৰাজীৱ-দনেশ্বৰ’ৰ মহান ডনেশ্বন, ৩২ যোৰ দম্পত্তিৰ সামূহিক বিবাহ সম্পন্ন

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কাৰিগাঁও গৌৰীনগৰৰ ৰাজহুৱা খেল পথাৰত দেওবাৰে আদিবাসীসকলৰ ৰীতি নীতি পৰম্পৰাৰে ৩২ যোৰ দম্পতিৰ সমূহীয়া বিবাহ সম্পন্ন হয়। আৰ্থিক সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে বিয়া পাতিব নোৱাৰা তথা মাংগলিক কাৰ্যসূচী অবিহনেই যুগ্ম জীৱনৰ পাতনি মেলা ৩২ যোৰ দৰা-কইনাৰ সমুহীয়া বিবাহ বিপিএফ দলৰ উদ্যোগত সম্পন্ন হয়।

আদিবাসী সমাজৰ নীতি নিয়মানুসাৰে তথা মাংগলিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা সমুহীয়া বিবাহত বিপিএফ দলে সহায়-সহায় সহযোগিতা আগবঢ়োৱাৰ উপৰিও দৰা কইনাক আশীৰ্বাদ দিয়া অনুষ্ঠানক উপস্থিত থাকে বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দনেশ্বৰ গয়াৰীয়ে। সমুহীয়া বিবাহত অংশগ্ৰহণ কৰা প্ৰতিযোৰ দম্পত্তিক আশীৰ্বাদ প্ৰদান কৰি বৈবাহিক জীৱন সুখৰ হোৱাৰ কামনা কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য দুগৰাকীয়ে। উল্লেখ্য যে, সমুহীয়া বিবাহ উপলক্ষে গৌৰনগৰৰ বাকৰিত আদিবাসীসকলৰ পৰস্পৰাগত নাচ গানেৰে মুখৰিত হৈ পৰে।