Skip to main content
Home
  • Home
  • বাতৰি
    • ৰাজ্য
    • দেশ
    • বিশ্ব
    • ৰাজনীতি
    • গুৱাহাটী
    • বাণিজ্য
    • বিনোদন
    • প্ৰযুক্তি
    • ক্ৰীড়া
    • কেৰিয়াৰ
    • পৰ্য্যটন
    • লাইফ ষ্টাইল
    • স্বাস্থ্য
  • E-সংবাদ
  • বিবিধ
  • ব্লগ
  • Fact-চেকিং
  • ভাইৰেল
  • Subscribe

ৰাইজৰ উন্নয়ণলৈ পিঠি দি যুঁজ বাগৰত ব্যস্ত বিজেপি

NNO Contributor's picture
By: NNO Contributor
October 17, 2020 - 17:19

কাৰ্বি পাহাৰত এতিয়া উন্নয়নমূলক কামকাজৰ সলনি  বিসম্বাদৰ ৰাজনীতি চলিছে..... বিসম্বাদৰ ৰাজনীতিয়ে সমষ্টিটোত এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছে.......
কাৰ ভুলৰ বাবে  বিজেপিত নিজৰ মাজতে বিদ্ৰোহ  পশ্চিম কাৰ্বি আংলঙত.......

কনক দেউৰীৰ বিশেষ প্ৰতিবেদন

২০২১ৰ বিধানসভা নিৰ্বাচন সমাগত। মাজত মাথো কেইটামান মাহহে বাকী নিৰ্বাচনলৈ। আৰু তেনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় কপিলী আৰু আমৰি সমষ্টিৰ পিছতেই এইবাৰ ৯ নম্বৰ আমৰেং সমষ্টিত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত ব্যাপক বেমেজালিৰ লগতে সংঘাত আৰম্ভ হৈছে। পশ্চিম কাৰ্বি আংলঙত পৰিষদীয় সমষ্টিসমূহত আৰম্ভ হোৱা  বিদ্ৰোহে  পৰিস্ফুটভাৱে বিজেপিলৈ আনিছে এক অশুভ-অশনি সংকেত।

পাহাৰীয়া জিলাখনত বিজেপিৰ  পতন অনিবাৰ্য নেকি!


উল্লেখযোগ্য যে কপিলী আৰু আমৰি সমষ্টিৰ দৰে ৯ নম্বৰ আমৰেং সমষ্টিতো বিজেপিৰ একাংশ নেতাকৰ্মীয়ে এইবাৰ সৰব হৈ পৰিছে পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং আৰু আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰীণা  টেৰাংপিৰ বিৰুদ্ধে ৷  আনকি কেবা শতাধিক বিজেপি নেতাকৰ্মীয়ে প্ৰতিবাদী সমদলেৰে বিজেপি জিন্দাবাদ ধ্বনি দিয়াৰ লগতে হাতে হাতে প্লেকাৰ্ড লৈ ৰদীপ ৰংহাং মূর্দাবাদ, ৰীণা টেৰাংপি মূর্দাবাদ ধ্বনিৰে উত্তাল কৰে আমৰেং সমষ্টিৰ লাম্বাপথাৰ অঞ্চল।  টেৰাংপি আৰু ৰংহাঙৰ প্ৰতিচ্ছবিও দাহ কৰে ক্ষোভিত বিজেপি কৰ্মকৰ্তাই। আৰু এই উত্তাল পৰিৱেশৰ মাজতে খোদ এজন বিজেপিৰ সক্ৰিয় কৰ্মীয়ে চিঞৰি চিঞৰি কলে--"সাৱধান থাকক! ক'ৰণাতকৈও ভয়ানক বিজেপিৰ জিলা সভাপতি ৰদীপ ৰংহাং,জনপ্ৰতিনিধি ৰীণা টেৰাংপি"। লগতে বিজেপি নেতা-কৰ্মীক এওঁলোকৰ পৰা সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আহ্বানো জনালে খোদ  বিজেপি দলৰ ক্ষোভিত কৰ্মীগৰাকীয়ে।

পৰিয়ালকেন্দ্ৰীক ৰাজনীতিয়ে বিসম্বাদ আনিছে পশ্চিম কাৰ্বিআংলংলৈ।

        গুৰুত্বপূৰ্ণ যে উক্ত সমষ্টিটোত উন্নয়নমূলক কামকাজ নিজৰ আপোন মানুহৰ লগতে নিজৰ পচন্দৰ মানুহক কৰিবলৈ দিয়াৰ লগতে বুথ কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা, বিজেপি মণ্ডল কমিটি আদি গঠন কৰাৰ ক্ষেত্ৰত নিজৰ পচন্দৰ ব্যক্তিক অগ্ৰাধিকাৰ দি পূৰণি বিজেপি নেতা-কৰ্মীক বঞ্চিত আৰু অৱহেলিত কৰি আহিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ৰদীপ ৰংহাং-জনপ্ৰতিনিধি ৰীণা টেৰাংপিৰ বিৰুদ্ধে একে বিজেপি দলৰ নেতা-কৰ্মীয়ে। মুঠতে একনায়কত্ববাদ, অৰাজকতা আৰু নিজৰ মইমতালিৰে আমৰেং সমষ্টিত ৰীণা টেৰাংপিয়ে শাসন চলোৱাৰ চেষ্টা কৰিছে।
     সমষ্টিবাসী ৰাইজেও জনাই যে কাৰ্বি পাহাৰত এতিয়া উন্নয়নমূলক কামকাজৰ সলনি  বিসম্বাদৰ ৰাজনীতি চলিছে। তেওঁলোকৰ বিসম্বাদৰ ৰাজনীতিয়ে সমষ্টিটোত এক অৰাজক অৱস্থাৰ সৃষ্টি কৰিছে বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে।
কোন জগৰীয়া, কাৰ ভুলৰ বাবে আচলতে  বিজেপিত নিজৰ মাজতে বিদ্ৰোহ  পশ্চিম কাৰ্বি আংলঙত? এনেবোৰ জটিল প্ৰশ্নই এতিয়া বিজেপিৰ অন্যান্য দলীয় নেতা-কৰ্মীসকলক বিপাঙৰ পেলাইছে। দৰাচলতে এনেদৰে সংঘাত আৰু বিভাজন হবলৈ ধৰা বিজেপি কৰ্মকৰ্তাসকলে কাৰ ছত্ৰছায়াত থাকি অথবা কোন নেতাৰ নেতৃত্বক বাছি লৈ দলীয় কামকাজ কৰিব সেয়াই হৈ পৰিছে গুৰুত্বপূৰ্ণ আৰু লক্ষণীয় বিষয়। ৰাইজৰ উন্নয়ণৰ স্বাৰ্থ তেওঁলোকৰ বাবে গৌণ হৈ পৰিছে।।

 
 
 
Attachments area
 
 
 
 
ReplyForward
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

NewNextOne.com is brought to you by

Bikalpa Media

  • House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-781021, Assam, India
  • 9365225248, 9954203298
  • editor@newsnextone.com
  • Facebook Page

Information

  • Terms and Conditions
  • Privacy Policy
  • Cancellation and Refund
  • Shipping and Delivery/Exchange
  • About Us
  • Support Us

 

 

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Coding, Design, Cloud hosting by: Rongjeng Technologies.