BJP-NDAক দ্বিতীয়টো আঘাত, টিডিপিৰ পাছত এইবাৰ আঁতৰি আহিল গোৰ্খা জনমুক্তি মৰ্চা

ডিজিটেল ডেক্সঃ বিশ্বাস ভংগৰ অভিযোগ তুলি চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ পাছত এইবাৰ এনডিএৰ পৰা আঁতৰি আহিল পশ্চিমবংগৰ গোৰ্খা জনমুক্তি মৰ্চা৷ পৃথক গোৰ্খালেণ্ড গঠন কৰাৰ টুপ দি বিজেপিয়ে আঞ্চলিক দলটোক এন ডি এৰ অন্তৰ্ভুক্ত কৰি এতিয়া পৃষ্টভংগ দিয়াত অৱশেষত মোহভংগ হয় গোৰ্খা জনমুক্তি মৰ্চাৰ৷ 

দলৰ সাংগঠনিক মুৰব্বী এল এম লামাই শনিবাৰে এই কথা ঘোষণা কৰে৷ পশ্চিমবংগৰ বিজেপি প্ৰধান দিলীপ ঘোষে শেহতীয়াকৈ আঞ্চলিক দলটোৰ লগত বিজেপিৰ নিৰ্বাচনী মিত্ৰতাৰ বাদে আন কোনো বুজাবুজি নাই বুলি ঘোষণা কৰিছিল৷ 

বিজেপিৰ যে গোৰ্খাসকলৰ প্ৰতি কোনো অনুকম্পা বা দায়িত্ব নাই এনে ঘোষণাই প্ৰমাণ কৰে বুলি কয় লামাই৷ বিজেপিৰ বাবে দলটোৱে কৰা ত্যাগ সোঁৱৰাই দি তেওঁ লগতে কয় যে ২০০৯ আৰু ২০১৪ চনত গোৰ্খা জনমুক্তি মৰ্চাই দাৰ্জিলিং লোকসভা সমষ্টিটো বিজেপিৰ নেতা ক্ৰমে যশোৱান্ত সিং আৰু এছ এছ আহলুৱালিয়াক এৰি দিছিল৷ 

পশ্চিমবংগত বিজেপিৰ প্ৰৱেশদ্বাৰ আছিল দাৰ্জিলিং, অথচ গোৰ্খাসকলকে এতিয়া দলটোৱে বিশ্বাসঘাটকতা কৰিলে৷ মন কৰিবলগীয়া যে যোৱা নৱেম্বৰত গোৰ্খালেণ্ডৰ দাবীত ১০০তকৈ অধিক দিন পাহাৰীয়া অঞ্চলটোত বন্ধ দিয়া হৈছিল আৰু এই আন্দোলনে ১৩ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷