
newsnextone.com। বৰনদ্দীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি বৰনদ্দীৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ত মঙলবাৰে বিভিন্ন কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। অঞ্চলটোৰ দিল্লী পাব্লিক স্কুলত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্বচ্চতাৰ কাৰ্যসূচী হাতত লোৱাহয়। ইয়াৰ লগত সংগতি ৰাখি স্বচ্চতাৰ সজাগতাৰ বাবে এক ছাত্ৰ-ছাত্ৰী সকলে এক শোভাযাত্ৰ উলিয়াই।