পশ্চিম নলবাৰীত বানৰ তাণ্ডৱ... শ শ পৰিয়ালৰ বিস্তৰ ক্ষতি

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ ২০ খন গাঁও আহাৰ মহীয়া ভয়ংকৰ বানৰ কবলত পৰিছে। আজিলৈকে বান পৰিস্থিতি অপৰিৱৰ্তীত হৈ আছে ৰাইজৰ সীমাহীন ক্ষতি আৰু ত্ৰাসৰ সৃষ্টি হৈছে। 

পশ্চিম নলবাৰী অঞ্চলৰ প্ৰায় আঠশটা পৰিয়াল থকা ঘৰ বানে বুৰাই পেলাইছে। দুঠাইত মৰা পাগলদিয়াৰ মথাউৰি চিঙি বানপানীয়ে ৰাইজৰ সকলো ধাহি মুহি নি ৰাইজৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷

চামতা-কৈঠালকুছি পথৰ ওপৰেৰে পানী বাগৰিছে। পথটোৰ দুঠাইত বানে চিঙাৰ আশংকাই দেখা দিছে৷ চামতাৰ কুলবিলঘাট ৰাজহুৱা শিৱালয়, সাহপুৰ দুৰ্গা মন্দিৰ প্ৰাংগন, ধৰ্মপুৰ জ্ঞানদায়িনী নাট্য সমাজ, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুল, লগতে বহুতো শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান বানত প্লাবিত হৈছে। 

বুঢ়াদিয়া নৈৰ ওচৰৰ বানাক্ৰান্ত সকলৰ বাবে দুটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে যদিও বানাক্ৰান্ত সকলৰ মাজত খাদ্য, খোৱা পানীৰ অভাৱ হৈছে। ভয়ানক বানত  বহু পৰিয়াল এতিয়াও বানত জলবন্দী হৈ আছে। অঞ্চটোৰ বুঢ়াদিয়া আৰু ফুলগুৰীৰ জানৰ ওপৰৰ দুখন দলং বানে উটুৱাই নিয়াৰ ফলত যোগাযোগ বিচিন্ন হৈ পৰিছে। 

বানাক্ৰান্ত অঞ্চলত হেজাৰ হেজাৰ পশুধনৰ খাদ্যৰ অভাৱ আৰু নিৰাপদ আশ্ৰয়ৰ অভাৱ ঘটিছে। সমষ্টিৰৰ প্ৰায় তিনি হাজাৰ হেক্টৰ কৃষিভূমি খেতিৰ বিস্তৰ ক্ষতি হৈছে। লখোপুৰ কেন্দুবাৰীত বানাক্ৰান্ত বহু পৰিয়াল চাংগোহালিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷