হোৱাটছ এপত প্ৰচাৰিত ভুৱা খবৰৰ খবৰ দিলে লাভ কৰিব ৩৪ লাখলৈকে টকা

newsnextone.com | ডিজিটেল ডেস্কঃ হোৱাটছ এপত প্ৰচাৰ হোৱা ভুৱা খবৰ ৰোধ কৰিবৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ হোৱাটছ এপত প্ৰচাৰ হোৱা ভুৱা খবৰৰ তথ্য হোৱাটছএপ কৰ্তৃপক্ষক দিলে মোট অংকৰ ধন উপহাৰ হিচাপে প্ৰদান কৰিব৷ মিছা খবৰৰ প্ৰচাৰ কৰা মানুহক চিনাক্ত কৰি হোৱাটছ এপ কৰ্তৃপক্ষক খবৰ দিব লাগিব৷

বিগত দিনত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰৰ ভিত্তিত দেশত কেইবাটাও হিংসাত্মক কাণ্ড সংঘটিত হৈছে৷ অসমত কাৰ্বি আংলং জিলাত দুই যুৱকক সোপাধৰাৰ সন্দেহত হত্যা কৰাৰ লগতে মহাৰাষ্ট্ৰত শিশু অপহৰণ কৰাৰ সন্দেহত ৫ গৰাকী লোকক একাংশ লোকে হত্যা কৰে৷

হোৱাটছ এপে ভুৱা খবৰ কেনেদৰে চিহ্নিত কৰিব তাৰ বাবে গৱেষণা আৰম্ভ কৰিছে৷ গৱেষণা মূলক প্ৰস্তাৱ দিয়াসকলে লাভ কৰিব ৩৪ লাখকৈ টকা৷ পুৰস্কাৰৰ বাবে সুকীয়া তহবিল তৈয়াৰ কৰিছে হোৱাটছ এপে৷ 

ছচিয়েল মিডিয়াৰ খবৰৰ ভিত্তিক গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈ আছে৷ একাংশ লোকে দলবান্ধি নিৰীহ লোকক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে৷ গাঁও-চহৰ সমূহত সোপাধৰা সোমোৱা বুলি ছ’চিয়েল মিডিয়া যোগে প্ৰচাৰ হৈ আহিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছচিয়েল মিডিয়াৰ পৰা কেনেদৰে ভুৱা খবৰ বন্ধ কৰিব পৰা যাব তাৰ বাবে ছচিয়েল মিডিয়াৰ কৰ্তৃপক্ষ সমূহক চিন্তা চৰ্চা কৰিবলৈ কয়৷