দীপিকাৰ প্ৰেমিক কোন, সিং নে কাপুৰৰ ?

ডিজিটেল ডেস্কঃ বলিউডৰ সুন্দৰী দীপিকা পাডুকনে ৰাণী পদ্মাৱতী হৈ সোনকালেই দৰ্শকৰ হৃদয় জিনিবলৈ সাজু হৈ আছে। ১ ডিচেম্বৰত মুক্তি পাব পদ্মাৱতী বোলছবি খনে। কিন্তু এই বোলছবিখনৰ বাবে নহয়, অন্য কাৰণত হে চৰ্চিত হৈ পৰিছে অভিনেত্ৰী দীপিকা।

এক সাক্ষাৎকাৰ অনুষ্ঠানত দীপিকাই প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰৰ বিষয়ে এনেকুৱা এটা কথা কৈ পেলায় যে বৰ্তমানৰ প্ৰেমিক ৰণবীৰ সিং সহিতে সমগ্ৰ বলিউড আচৰিত হৈ পৰে৷

দৰাচলতে, সাক্ষাৎকাৰ অনুষ্ঠানটোত দীপিকাক তেওঁৰ প্ৰেম জীৱনৰ বিষয়ে সোধা হৈ আছিল। তেনে পৰিস্থিতিয়েই তেওঁক সোধা হয় তেওঁৰ জীৱনৰ সকলোতকৈ স্মৰণীয় ৰোমান্টিক মূহুৰ্ত। আৰু তেতিয়াই দীপিকাই ৰণবীৰ সিঙৰ সলনি ৰণবীৰ কাপুৰৰ নাম লৈ লয়।

দীপিকাই কয় যে তেওঁৰ পিয়ানো শিকাৰ বহুত হেঁপাহ আছিল৷ আৰু তাৰ কিছুদিন পিছতেই তেওঁৰ ঘৰলৈ এক ছাৰপ্ৰাইজ হিচাপে উপহাৰ এটি আহে। যিটো তেওঁ ভবাতকৈও অধিক সুন্দৰ এটা পিয়ানো আছিল। এই সুন্দৰ উপহাৰটো দিছিল সেই সময়ত তেওঁৰ সেই সময়ৰ প্ৰেমিক ৰণবীৰ কাপুৰে। সেই মুহূৰ্তটোৰ কথা দীপিকাই কেতিয়াও পাহৰিব নোৱাৰে বুলি কৈ সাক্ষাৎকাৰাৰ যোগেৰে পুনৰ এবাৰ তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক মনত পেলায়৷

সেই সময়ত ৰণবীৰ আৰু দীপিকাৰ সম্বন্ধ সকলোতকৈ ৰোমান্টিক হিচাপে লোৱা হৈছিল। দুয়োৰে সম্বন্ধ বহু দিনলৈ বলীডৰ চৰ্চাৰ বিষয় হৈ পৰিছিল৷ 'বচনা এ হচীনো' চিনেমা খনৰ যোগেৰে যুটি বন্ধা ৰণবীৰ-দীপিকাৰ মাজত গভীৰ ভালপোৱা আছিল বুলিও জানিবলৈ পোৱা গৈছিল৷

আনকি বলীউড সূত্ৰই প্ৰকাশ কৰা মতে সেই সময়ত দীপিকাই ৰণবীৰ কাপুৰৰ নামত নিজৰ ডিঙিচ টাটু পৰ্যন্ত আঁকি লৈছিল৷ কিন্তু পাছত দুয়োৰে মাজৰ গভীৰ প্ৰেমত নজৰ লাগিল আৰু এদিন এই সম্পৰ্ক ভাঙি থাকিল৷

‘য়ে জৱানী হ্যে দীৱানী’, আৰু ‘তামাচা’ত একেলগে অভিনয় কৰা ৰণবীৰ কাপুৰক দীপিকাই পাহৰিব পৰা নাই বাবেই একে নামৰ ৰণবীৰ সিঙক নিজৰ প্ৰেমিক কৰি লোৱা বুলিও বলীউড মহলত দীপিকাক লৈ গুজৱ চলি আহিছে৷ তাৰ মাজতে দীপিকাই সাক্ষাতকাৰত ৰণবীৰ কাপুৰক লৈ কৰা মন্তব্যই যেন দীপিকাৰ মনৰ অনুভূতি স্পষ্ট কৰি তুলিছে৷