
নতুন দিল্লী: অপাৰেচন সেন্দূৰৰ অধীনত পাকিস্তানত ভাৰতৰ আক্ৰমণৰ পাছত চৰকাৰী প্ৰেছ ব্ৰিফিঙত দুগৰাকী জ্যেষ্ঠ মহিলা বিষয়া কৰ্ণেল ছোফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডাৰ ব্যোমিকা সিঙে নেতৃত্ব দিছিল। দুয়োগৰাকী বিষয়াই ভাৰতীয় স্থলসেনা, নৌ সেনা আৰু বায়ু সেনাৰদ্বাৰা সম্পন্ন কৰা আক্ৰমণৰ বিৱৰণ আৰু অভিপ্ৰায় ৰাষ্ট্ৰৰ আগত বৰ্ণনা কৰিছিল। মহিলা বিষয়াকেইগৰাকীৰ দ্বাৰা অপাৰেচন সেন্দূৰৰ ওপৰত উচ্চ-পৰ্যায়ৰ ব্ৰিফিং নিজেই এক শক্তিশালী বিবৃতি আছিল। ই কেৱল সন্ত্ৰাসবাদৰ সমাপ্তিৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰাই নহয়, প্ৰাণ হেৰুওৱা সকলৰ বিধৱা পত্নীসকলকো সন্মানিত কৰে।
লেফটেনেণ্ট কৰ্ণেল ছোফিয়া কুৰেছি ভাৰতীয় সেনাৰ কৰ্পছ অফ ছিগনেলৰ এগৰাকী বিষয়া যাৰ শান্তি ৰক্ষাৰ ভূমিকাত বহু বছৰৰ অভিজ্ঞতা আছে। ২০১৬ চনত তেওঁ বহুজাতিক ক্ষেত্ৰ প্ৰশিক্ষণ অনুশীলনত ভাৰতীয় সেনাৰ দলৰ নেতৃত্ব দিয়া প্ৰথম মহিলা বিষয়া হয়, য'ত আছিয়ান প্লাছ (ASEAN Plus) দেশসমূহ অন্তৰ্ভুক্ত আছিল। সেই সময়ত, ই ভাৰতৰ ভূমিত এতিয়ালৈকে অনুষ্ঠিত হোৱা সৰ্ববৃহৎ স্থল বাহিনীৰ অনুশীলন আছিল। লেঃ কৰ্ণেল কুৰেছি ২০১০ চনৰ পৰা শান্তি ৰক্ষাৰ দায়িত্বৰ সৈতে জড়িত আছিল। তেওঁ ২০০৬ চনতে কংগোত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপেও সেৱা আগবঢ়াইছিল।
লেফটেনেণ্ট কৰ্ণেল কুৰেছি গুজৰাটৰ এটা সামৰিক পৰিয়ালৰ জীয়ৰী। তেওঁৰ ককাক আৰু দেউতাক দুয়ো সেনাত সেৱা আগবঢ়াইছিল। ১৯৯৯ চনত অফিচাৰ ট্ৰেইনিং একাডেমিৰ জৰিয়তে কমিছন কৰা কুৰেছিক ভাৰতৰ বিভিন্ন অঞ্চলত নিযুক্তি দিয়া হৈছে, যাৰ ভিতৰত আছে বিদ্ৰোহ-বিৰোধী এলেকা, চিগনেল ৰেজিমেণ্ট আদি। সামৰিক সাফল্যৰ উপৰিও তেওঁ জৈৱ ৰসায়নত স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী। উইং কামাণ্ডাৰ ব্যোমিকা সিং ভাৰতীয় বায়ু সেনাৰ এগৰাকী হেলিকপ্টাৰ পাইলট যাৰ ২,৫০০ ঘণ্টাতকৈও অধিক উৰণৰ অভিজ্ঞতা আছে। তেওঁৰ শৈশৱৰ সশস্ত্ৰ বাহিনীত যোগদানৰ সপোন ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এনচিচি)ৰ পৰা আৰম্ভ হৈছিল।
অভিযান্ত্ৰিক অধ্যয়ন সম্পূৰ্ণ কৰাৰ পাছত তেওঁ সামৰিক বাহিনীত যোগদান কৰিছিল। তেওঁক ২০১৯ ৰ ১৮ ডিচেম্বৰত ভাৰতীয় বায়ু সেনাত নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ পাছত তেওঁ উৰণ শাখাত স্থায়ী কমিছন লাভ কৰিছিল। বিগত বছৰবোৰত তেওঁ জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূবৰ দৰে অঞ্চলত চেতক আৰু চিতা আদি হেলিকপ্টাৰ উৰুৱাইছিল। তেওঁ কেইবাটাও উদ্ধাৰ অভিযানত জড়িত আছিল। ২০২০ চনৰ নৱেম্বৰ মাহত তেওঁ অৰুণাচল প্ৰদেশত এক উচ্চ বিপদাশংকা যুক্ত স্থানান্তৰ অভিযানৰ নেতৃত্ব দিছিল। সাধাৰণ লোকক উদ্ধাৰ কৰিবলৈ তেওঁ প্ৰতিকূল বতৰ আৰু দূৰৱৰ্তী অঞ্চলৰ মাজেৰে হেলিকপ্টাৰ উৰুৱাইছিল। ২০২১ চনত তেওঁ ২১,৬৫০ ফুট উচ্চতাৰ মাউণ্ট মণিৰাঙলৈ ত্ৰি-সেৱাৰ সৰ্ব-মহিলা পৰ্বতাৰোহণ অভিযানত অংশগ্ৰহণ কৰিছিল।