
শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তান চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু তাৰপিছতেই সামাজিক মাধ্যমত ট্ৰ’লৰ বলি হ’ল ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। মিশ্ৰীৰ এক্সৰ পোষ্টবোৰত ব’বলৈ ধৰিলে শ্লেষৰ বানপানী। যাৰ ফলত এক্সৰ একাউন্ট নিষ্ক্ৰিয় কৰিবলৈ বাধ্য হ’ল বৈদেশিক সচিবগৰাকী।
উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ সময়ত বিক্ৰম মিশ্ৰীয়ে অহৰহ সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছিল। একেদৰে শনিবাৰে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল বিক্ৰম মিশ্ৰীয়ে। ইয়াৰ পিছতে সামাজিক মাধ্যমত লক্ষ্য কৰি লোৱা হ’ল তেওঁক। তেওঁৰ পুৰণা পুৰণা ফটো বা পোষ্ট খুঁচৰি খুঁচৰি আক্ৰমণ কৰিছে নেটিজেনে। আনকি এই আক্ৰমণৰ পৰা সাৰি যোৱা নাই মিশ্ৰীৰ পত্নী আৰু কন্যাও। অৱশ্যে ছ’চিয়েল মিডিয়াত বৈদেশিক সচিবগৰাকীক কৰা এই ভাৰ্চুৱেল গণ আক্ৰমণৰ পিছত বহু লোকে বিক্ৰম মিশ্ৰক সমৰ্থন কৰি পোষ্ট দিয়ে।
এই সম্পৰ্কে সংযুক্ত আৰব আমিৰশ্বাহীত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত নৱদীপ ছুৰীয়ে লিখিছে, " ট্ৰ’লাৰসকলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু তেওঁৰ পৰিয়ালক লক্ষ্য কৰি লোৱাটো সঁচাকৈয়ে ঘৃণনীয়। এয়া তেওঁৰ শান্ত, সৌম্য আৰু পেছাদাৰী সমীকৰণ। কিন্তু তেওঁৰ এই গুণবোৰ আমাৰ সমাজৰ কিছুমান মানুহৰ বাবে যথেষ্ট নহয়, এইটো লজ্জাজনক কথা।"
ইফালে বৈদেশিক নীতি বিশ্লেষক ইন্দ্ৰাণী বাগসীয়ে লিখিছে, "বিক্ৰম মিশ্ৰী এজন সন্মানীয় কূটনীতিবিদ। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুৰব্বী। আপোনালোকে নিজৰ নিজৰ কল্পনাত ভাৰত-পাকিস্তান ভিডিঅ' গেম খেলি থকাৰ বাবেই তেওঁৰ পৰিয়ালক এনে সস্তীয়া মানসিকতাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আপোনালোকৰ এনে নিকৃষ্ট মানসিকতা অবিহনেও দেশ চলিব পাৰে।”
জ্যেষ্ঠ সাংবাদিক বীৰ সংঘভীয়ে লিখিছে, "যিসকল লোকে এই সংঘাতৰ সময়ত ডাঙৰ কাম কৰা উৎকৃষ্ট বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক ট্ৰ'ল কৰি আছে, তেওঁলোক আচলতে মানুহ হিচাপে জাবৰ।"
এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়েও ছ’চিয়েল মিডিয়াত বিক্ৰম মিশ্ৰীৰ বিষয়ে পোষ্ট কৰি লিখিছে, "বিক্ৰম মিশ্ৰী মান্য আৰু সৎ। তেওঁ এজন কঠোৰ পৰিশ্ৰমী কূটনীতিবিদ যিয়ে দেশৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।"
ওৱেইছিয়ে লগতে লিখিছে, “মনত ৰখা উচিত যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যবাহীৰ অধীনত কাম কৰে আৰু তেওঁলোকক কাৰ্যবাহী বা দেশ চলোৱা ৰাজনৈতিক নেতৃত্বৰ সিদ্ধান্তৰ বাবে লক্ষ্য কৰি লোৱা উচিত নহয়।”
কংগ্ৰেছ দলৰ কেৰালা ইউনিটেও এই বিষয়ত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। কেৰালা কংগ্ৰেছে কৈছে যে যে যোৱা সপ্তাহত এজন শ্বহীদ জোৱানৰ পত্নী হিমাংশী নৰৱালে কাশ্মীৰী আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু হিংসা বিয়পাই নিদিবলৈ আবেদন কৰাৰ পিছতো তেওঁলোকে এনেধৰণৰ আক্ৰমণ কৰিছিল।
কেৰালা কংগ্ৰেছে লিখিছে, "এতিয়া এই লোকসকলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীক এনেদৰে লক্ষ্য কৰি লৈছে যেন তেৱেঁই একপক্ষীয়ভাবে যুদ্ধবিৰতিৰ সিদ্ধান্ত লৈছিল, যি সিদ্ধান্তৰ লগত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিং বা এছ জয়শংকৰৰ চিন্তাৰ অস্তিত্ব নাই।"
এনেদৰে এতিয়া বৈদেশিক সচিবগৰাকীৰ হৈ যুদ্ধোন্মাদ ট্ৰ’লাৰসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে দেশৰ একাংশ দল-সংগঠনৰ নেতাৰ লগতে সজাগ সমাজে।