গেলেকীত স্বামীৰ হাতত প্ৰাণ গ'ল গৰ্ভৱতী পত্নীৰ

নামতিঃ শিৱসাগৰ জিলাৰ গেলেকী থানাৰ ওখটিং গাঁৱত বুধবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। সুৰাৰ ৰাগিত মাতাল হৈ নিজ স্বামীয়ে হত্যা কৰিলে গর্ভৱতী পত্নীক। ঘটনা সন্দর্ভত জানিব পৰা মতে, গেলেকীৰ ন-পুখুৰী গাঁও পঞ্চায়তৰ অন্তর্গত ৩নং ৱাৰ্ডৰ উক্ত গাঁওখনৰ ৰঞ্জিত (যম) শইকীয়া নামৰ নৰপিশাচটোৱে আনদিনৰ দৰে বুধবাৰে নিশা অর্থাৎ কাতি বিহুৰ দিনাও সুৰাৰ ৰাগিত মাতাল হৈ পত্নী আৰু সন্তানক অত্যচাৰ চলাইছিল।

অৱশেষত ৰঞ্জিত শইকীয়াই অত্যচাৰৰ সীমা চেৰাই তিনি কন্যা সন্তানৰ মাতৃ তথা ৯ মহীয়া গৰ্ভৱতী পত্নী মৰমী ফুকন শইকীয়া নামৰ মহিলা গৰাকীক পেটত গুৰিয়াই গুৰিয়াই গছকি পত্নীৰ গৰ্ভৰ পৰা সন্তান প্ৰসৱ কৰোৱাই। মহিলা গৰাকীৰ গৰ্ভত থকা সন্তানটিয়ে নাভি চিঙি প্ৰসৱ হোৱা লগে লগে মহিলা গৰাকী মৃত্যু হয়।

লগে লগে ৰণজিৎ শইকীয়াই সন্তানটো এখন কাপোৰে মেৰিয়াই বিচনা তলত পেলাই থৈ পলায়ন কৰে। ইফালে স্থানীয় লোকে ঘটনা সন্দর্ভত গেলেকী আৰক্ষীক খবৰ দিয়ে৷

ঘটনাস্থলীত গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰা আৰু নাজিৰা মহকুমা আৰক্ষী চক্ৰ বিষয়া মহেন্দ্ৰ মোহন শইকীয়া উপস্থিত হৈ ঘটনাৰ সবিশেষ তদন্ত কৰাৰ লগতে সন্তানসহ মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।