
ডিমাকুছিঃ ৰাজ্যৰ চৌদিশে হাতী-মানুহৰ সংঘাত৷ বনাঞ্চল সমূহ বেদখলকাৰী আৰু চোৰাং ব্যৱসায়ী সকলে ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত হাতী মানুহৰ সংঘাতে চুড়ান্ত ৰূপ লৈছে। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহাটো সৰ্বজনবিদিত। বনৰীয়া হাতীৰ জাকে মানুহৰ ঘৰ-বৰ ভাঙি, খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰিছে৷
প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহ মৰিছে৷ হাতীও মৰিছে প্ৰতিদিনে৷ তাৰ পিছতো শুই আছে ৰাজ্য চৰকাৰ৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে চৰকাৰে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ নিতৌ হাতীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰৰ৷ ফলত নিতৌ বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰাৰ ফলত উজাগৰি নিশা কটাবলগীয়া হৈছে মনুহে৷
তাৰে মাজতে ভাৰত-ভুটান সীমান্তৰ বিস্তৃত অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ৷ একে নিশাই ৫ টা পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে মৃত্যু হৈছে পোহনীয়া জীৱ-জন্তুৰ৷ তথ্য অনুসৰি, ওদালগুৰি জিলাৰ সীমামূৰীয়া বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ উপৰখুটি গাঁৱত ভুটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ।
এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস হোৱাৰ লগতে ভঁৰালৰ ধান,খেতিপথাৰ শইচ,কলৰ বাগান আদি বিনষ্ট হোৱাৰ উপৰি পোহনীয়া জীৱ-জন্তুৰো মৃত্যু হোৱাৰো বাতৰি পোৱা গৈছে। ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল।উল্লেখ্য,বুধবাৰে নিশা প্ৰায় ৫০-৬০ টা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা ৪ টা বনৰীয়া হাতীয়ে উপৰখুটি গাঁৱত প্ৰবেশ কৰি ৫ টা পৰিয়ালৰ বাসগৃহ সম্পুৰ্নৰুপে বিধস্ত কৰাৰ লগতে পৰিয়ালকেইটাৰ কলৰ বাগান ,ভঁৰাল ধান খাই তহিলং কৰে৷
দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ইফালে, ক্ষতিগ্ৰস্ত পৰিয়ালসমুহক ক্ষতিপূৰণৰ প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে৷