তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমনত এজনৰ মৃত্যু

নলবাৰীঃ বিটিএডিৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ শনিবাৰে তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলী আৰক্ষী চকীৰ ১নং ডোঙাৰ গাঁৱত বনৰীয়া হাতীৰ আক্ৰমনত জোহান বাচৰা নামৰ লোকৰ মৃত্যু হয়৷

পূৱতি নিশা ১নং ডোঙাৰ গাঁৱৰ জোহান বাচৰাই গাঁৱৰ অইন লোকৰ সৈতে খেতি পথাৰত ধান খায় থকা বনৰীয়া হাতীৰ জাকক খেদিবলৈ যায়৷ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে হঠাৎ খেদি অহাত জোহান উজুতি খায় পৰি যোৱাত হাতীটোৱে জোহান গচকি-আচাৰি হত্যা কৰে৷