চৰকাৰ-বনবিভাগ ফেচিবাদী, হাতীৰ আক্ৰমনত নিহতসকল বনাঞ্চল ধ্বংসকাৰী নাছিল

কোকৰাঝাৰঃ হাতী মানুহৰ সংঘাতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিণতিতে ৰাজ্যখনত চলিত বৰ্ষত কমেও বাৰজন লোক নিহত হোৱাৰ পিছতো চৰকাৰে অদ্যপি নিহতৰ নিকটাত্মীয়ক সমবেদনা তথা আৰ্থিক সাহায্য ঘোষণা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।

এক বিবৃতি যোগে অৰবিন্দ নাথে বনাঞ্চল ধ্বংস, হাতীৰ কৰিডৰত বেদখল, হাতীৰ আৱাসথলী ধ্বংস কৰা তথা খাদ্যৰ অভাৱৰ বাবেই হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে আৰু হাতীৰ আক্ৰমনত চলিত বৰ্ষত কমেও ১২ গৰাকী লোকৰ মৃত্যু হৈছে। বনাঞ্চল ধ্বংস ৰোধ কৰিব নোৱাৰা তথা হাতী মানুহৰ সংঘাতৰ বাবে মুলত বনবিভাগেই দায়ী বুলি মন্তব্য আগবঢ়ায় যিসকল লোক হাতীৰ আক্ৰমনত নিহত হৈছে সেইসকল লোক বনাঞ্চল ধ্বংসকাৰী নতুবা বেদখলকাৰী নাছিল বুলি মন্তব্য প্ৰকাশ আগবঢ়ায় অৰবিন্দ নাথে।

বন বিভাগৰ ব্যৰ্থতাৰ বাবেই লোকসকল যিহেতু হাতীৰ আক্ৰমনত কৰুণ মৃত্যুক সাৱটি লৈছে সেয়েহে হাতীৰ আক্ৰমনত নিহত হোৱা লোকসকলৰ প্ৰতি মানৱীয়তা তথা সহমৰ্মিতা প্ৰকাশ কৰাটো বনবিভাগৰ দায়িত্ব আছিল বুলি ক্ষোভ ব্যক্ত কৰি হাতীৰ আক্ৰমনত নিহতৰ নিকটাত্মীয়লৈ অতি শীঘ্ৰে ৫ লাখ টকাকৈ এককালিন আৰ্থিক সাহায্য দিয়াৰ দাবী উত্থাপন কৰে অৰবিন্দ নাথে।

নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে যোৱা ২৮ ডিচেম্বৰত গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বাবুপাৰা নিৱাসী তথা বালিজানা নাথ যোগী ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অৰুণজ্যোতি নাথ মটৰচাইকেলেৰে বুধিপাৰালৈ আহি থাকোতে হাতীৰ আক্ৰমনত কৰুণ মৃত্যুক সাৱটি লয়। অৰুণজ্যোতি নাথ হাতীৰ আক্ৰমনৰ বলি হোৱাৰ বাতৰি লগে লগেই বনবিভাগত অৱগত কৰা হৈছিল যদিও বনবিভাগৰ লোক কেবাঘণ্টা পিছতে হে ঘটনাস্থলীত উপস্থিত হৈ মৃত অৱস্থাত হে অৰুণজ্যোতি নাথক উদ্ধাৰ কৰিছিল।

বনবিভাগৰ গাফিলতী তথা অকৰ্মন্যতাক তীব্ৰ ভাষাৰে সমালোচনা কৰি অৰবিন্দ নাথে কয় যে হাতীৰ আক্ৰমনত নিহত হোৱা অৰুণজ্যোতি নাথৰ পৰিয়ালকে ধৰি হাতীৰ আক্ৰমনত নিহত হোৱা আন লোকসকলৰ পৰিয়ালৰ দায়িত্বও বন বিভাগে লবই লাগিব ।

যি সকল লোক বেদখলকাৰী নহয়, বনাঞ্চল ধ্বংস কৰা নাই তেনে লোকসকলৰ কৰুণ মৃত্যুত চৰকাৰ তথা বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নুন্যতম সৌজন্যতা প্ৰকাশ নকৰাটোৱে চৰকাৰ তথা বনবিভাগৰ ফেচিবাদী চৰিত্ৰ উদঙাই দিছে বুলি মন্তব্যৰে অৰবিন্দ নাথে বনাঞ্চল ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনৰ দাবী উত্থাপন কৰি হাতীৰ আক্ৰমনত নিহত নিৰীহ লোকসকলৰ নিকটাত্মীয়ক এককালিনভাৱে ৫ লাখ টকাকৈ ক্ষতিপুৰণ দিবলৈ দাবী উত্থাপন কৰে।

আনহাতে হাতীৰ আক্ৰমনৰ পৰিণতিতে অৰুণজ্যোতি নাথ নিহত হোৱাৰ পিছত একাংশ উত্তেজিত লোকে আগিয়া বন বিভাগৰ কাৰ্যালয়ত আক্ৰমন সংঘটিত কৰাৰ সময়তে বাতৰি সংগ্ৰহৰ বাবে উপস্থিত হোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা ঘটনাকো গৰিহণা দিছে নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।