
খেৰণিঃ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে ৰাজ্যৰ মধ্য বিত্ত, দৰিদ্ৰ শ্ৰমিক, মজদুৰৰ নিদ্ৰাহৰণ কৰিছে৷ প্ৰতিদিনে হাতীৰ জাকে ঘৰ ভাঙি বহু লোকক গৃহহাৰা কৰি আহিছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ বুধবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি কেইবাটাও পৰিয়ালক গৃহ হাৰা কৰে। হাতীৰ তাণ্ডৱৰ ফলত ৰাইজে দীৰ্ঘ দিনে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱাৰ পিছতো বন বিভাগে ৰাইৰ জীৱন-সম্পত্তি ৰক্ষাৰ স্বাৰ্থত কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

খেৰণিৰ ২নং হাজাগাফাৰত বনৰীয়া হাতীৰ তাণ্ডৱত পাঁচটাকৈ পৰিয়ালৰ বাসগৃহ তচনচ হয়। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নিহাং গাঁৱত পুনৰ নিশা খেৰণিৰ ২নং হাজাগাফাৰত সংঘটিত হ’ল বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই। নিশা প্ৰায় ২-৩০ বজাত ২০-২৫ জনীয়া এটা বনৰীয়া হাতীৰ জাকে গাওঁ খনত প্ৰৱেশ কৰি ভয়ানক তাণ্ডৱ চলায়।
ক্ৰমান্বয়ে গাঁওখনৰ বাসিন্দা ললিতা জহৰী, দেৱ দাস, অজিত গিৰিছা, কমিতা দাওঁদোংলাংথা, অজয় দিব্ৰাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ভঁৰালৰ ধান খোৱাৰ লগতে ঘৰৰ বয়বস্তু, বাচন আদি ভাঙি বিনষ্ট কৰে হাতীৰ জাকটোৱে।
কেইবাটাওঁ বাসগৃহৰ মানুহ শুই থকা অৱস্থাত বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ সময়ত কিছুলোকে ঘৰ এৰি পলায়ন কৰে যদিও গৃহবন্দী হৈ ৰোৱা পৰিয়ালৰ সদস্যসকলে কথমপি প্রাণৰক্ষা পৰে হাতীৰ আক্ৰমণৰ পৰা। বিগত কিছুদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হাৱাইপুৰ, জিৰিবাছা, হাজাগাফাৰ, মাইলু, লামছাখাং, খেৰণি কছাৰীবস্তী আদি বৃহত্তৰ অঞ্চলত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ আৰু সন্ত্ৰাস চলাই সৰ্বসাধাৰণৰ লগতে কৃষকৰ নিদ্ৰাহৰণ কৰিছে।