অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বৰঙাবাৰীৰ অসুস্থ হাতীটোৱে

newsnextone.com | ওদালগুৰিঃ তিনিদিন মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত মৃত্যু ওচৰত হাৰ মানিলে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী শান্তিপুৰ বৰঙাবাৰীত অসুস্থ বনৰীয়া মখনা হাতীটোৱে। যোৱা ১০ জুলাইত বৰঙাবাৰী গাঁৱত পুৱাই অত্যন্ত অসুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছিল মখনা বনৰীয়া হাতীটো৷

বন বিভাগে খৱৰ পোৱাৰ লগে লগে পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰে। যদিও যোৱা দুদিনটো হাতীটো সুস্থ হোৱা নাছিল। ফলত ওদালগুৰি বন বিভাগৰ অনুৰোধ মৰ্মে অহা কাজিৰঙা বন বিভাগৰ বিশেষজ্ঞ পশু চিকিৎসকৰ দল আৰু গুৱাহাটী পশু বিশ্ববিদ্যালয়ৰ মূৰব্বী অধ্যাপক চিকিৎসক ডা০ কুশল শৰ্মাই পুৱাৰে পৰা হাতীতোক সুস্থ কৰিবলৈ অশেষ চেষ্টা কৰে যদিও বৃহস্পতিবাৰে আবেলি ৪-৩০ বজাত হাতীটোৰ মৃত্যু হয়।