ৰাইজৰ অভিযান, অবৈধ সুৰা জব্দ

নলবাৰীঃ অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত নামিল এটি স্বেচ্ছাসেৱী অনুষ্ঠান৷ নলবাৰীৰ বৰমুৰিকোণাৰ গো’ পূজা চ’কত এটা স্বেচ্ছাসেৱী অনুষ্ঠান তথা ৰাইজে অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰে৷

অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ ভাবে এচাম লোকে বিলাতী আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও প্ৰশাসন, আৰক্ষী কিম্বা আবকাৰী বিভাগৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে স্থানীয় স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ মঞ্চৰ উদ্যোগত অভিযান চলাই দুই কাৰ্টুন বিলাতী সুৰা আৰু দুই বস্তা চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।