
newsnextone.com | ৰঙিয়াঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত পুনৰ লালীমাই নামৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ তাৰ লগে লগে অসমৰ ৰেল যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে৷
যেন ক্ৰমাৎ অপৰাধীৰ ঘাটিত পৰিণত হৈছে ৰাজ্যত চলাচল কৰা ৰেল সমূহ৷ মানৱ সৰবৰাহৰ, চুৰি, ডকাইতি, অসৎ ব্যৱসায়লৈ বহু ঘটনাই সংঘটিত হৈ আহিছে ৰেল সমূহত৷
বিশেষকৈ ৰঙিয়া জংচনত অপৰাধমূলক কাৰ্য সংঘটিক কৰা চক্ৰ সক্ৰিয় হৈ থকাৰ উমান পোৱা যায় ৷ তিনিদিন পূৰ্বে ৰঙিয়া জংচনত কেইবাগৰাকী মহিলা উদ্ধাৰ হোৱাৰ লগতে, বিদেশী চিগাৰেট সহ উদ্ধাৰ হৈছিল মণিপুৰৰ যুৱক-যুৱতী৷ তাৰ লগে লগে ৰেল আৰক্ষী আৰু অসম আৰক্ষীয়ে সষ্টম হৈ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে যোৱা কেইবাটাও দিনত কেইবাটাও চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে৷
উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰে’ল জংচন ৰঙিয়াই ৰাজ্যৰ উজনি-নামনিৰ লগতে বহিঃৰাজ্যৰ লগতো ৰাজ্যখনক সংযুক্ত কৰিছে৷ যাৰ ফলত অবৈধ ব্যৱসায়, মাদক দ্ৰব্যৰ পৰা নাৰী সৰবৰাহলৈকে বিভিন্ন অপৰাধমূলক কাৰ্য ৰঙিয়া জংচনতে সম্পন্ন হোৱাৰ অভিযোগ উত্থাপন হয়৷
তাৰ মাজতে পুনৰ নামনিমূৱা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ ৰেলগাড়ীৰ ৰেল আৰক্ষীয়ে ৮০০ বটল বিলাতি সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ৰেল আৰক্ষীয়ে শুকুৰুবাৰে চেন্নাই অভিমূখে যাত্ৰা কৰা ত্ৰিবান্দ্ৰম এক্সপ্ৰেছৰ এটা দবাত অৰুণাচলৰ পৰা বিলাতি সুৰাৰ বটল সমূহ বহিঃৰাজ্যলৈ নিয়াৰ বাবে আনিছিল। ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়ত সুৰা সমুহ জব্দ হয় যদিও কোনো ব্যক্তিক আটক কৰিব পৰা নাই। এই সন্দৰ্ভত ৰেল আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। অনিমান কৰা মতে বিহাৰলৈ নিবলৈ আনিছিল সুৰাখিনি৷ বিহাৰত সুৰা নিষিদ্ধ হোৱাৰ ফলতেই অসমৰ পৰা বিহাৰলৈ ৰেল যোগে অবৈধ ভাৱে সুৰা নিয়াৰ অভিযোগ উত্থাপন হৈছে৷