ফটকা-আতচবাজী বৰ্জন, দেহাৰকুছিত জ্বলিল ৩০০০ মাটিৰ চাকি

নলবাৰীঃ নলবাৰী জিলাত ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা ডেকালৈ সকলোৱে উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোৱে হেঁপাহেৰে পালন কৰা পৰিলক্ষিত হৈছে দীপাৱলী৷ বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় জিলা খনত।

জিলাখনৰ দেহাৰকুছি যুৱ মঞ্চই তৃতীয় বাৰ্ষিক দীপাৱলী উৎসৱ উদযাপন কৰে দেহাৰকুছি কালী মন্দিৰ প্ৰাংগণত৷ ৩০০০ মাটিৰ চাকি জ্বলাই উদযাপন দীপাৱলী৷ ফটকা-আতচবাজী বৰ্জন কৰি প্ৰদূষণ ৰোধ কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে উদ্যোক্তাসকলে৷ অসমবাসীক ফটকা-আতচবাজী বৰ্জন কৰি প্ৰদূষণ ৰোধ কৰাৰ আহ্বান জনায় দীপাৱলী আৰু শ্যামা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে৷