পাল্লীৰতলত পোহৰ নাই, আহক ডিজিটেল ইণ্ডিয়াত এন্ধাৰত ডুব যাও.....

অভয়াপুৰীঃ নামনি অসমৰ এখন গাঁৱৰ নাম পাল্লীৰতল৷ পাল্লীৰতল গাঁৱত পোহৰ নাই৷ পাল্লীৰতলত আজিলৈ বিদ্যুৎৰ সংযোগ দিয়া প্ৰশাসনে৷ বছৰ-বছৰ ধৰি চাকিৰ পোহৰতে নিশা কটাবলৈ বাধ্য হয় অঞ্চলটোৰ লোকে৷ বিদ্যুত সংযোগ নথকাৰ ফলত মোবাইল টকা দি আনৰ দোকানত চাৰ্জ দিব লগা হয় ৰাইজে৷ ডিজিটেল ইণ্ডিয়াত ইয়াতকৈ বিড়ম্বনা আৰু কি হ’ব পাৰে৷

বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত পাল্লীৰতল অঞ্চলৰ বাবে বিদ্যুতৰ পোহৰ দেখাটো এক সপোন মাথোন৷ বেলি ডুবাৰ লগে লগে এন্ধাৰত ডুব যাই পাল্লীৰতল৷ তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো সাধাৰণ মোবাইলটো চাৰ্জ দিবলৈ ২-৩ কিঃ মিঃ দূৰলৈ যাব লগা হয় মানুহে৷ বছৰ বছৰ ধৰি বিভিন্ন প্ৰকাৰে সমষ্টিৰ বিধায়কগৰাকীক বিদ্যুৎৰ সংযোগ দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

যাৰ ফলত খঙত অগ্নিশৰ্মা হৈ পৰে পৰিছে পাল্লীৰতলবাসীয়ে৷ মঙলবাৰে বিদ্যুৎ সংযোগ প্ৰদানৰ দাবীত পথ অৱৰোধ কৰে বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ছেদামাৰী পাল্লীৰতলৰ ধেদাইমাৰীবাসীয়ে৷ ডিজিটেল ইণ্ডিয়া তথা স্বাধীনতাৰ ৭০বছৰ পিছতো পোহৰ নেদেখা গাঁও খন ৰাইজে বিদ্যুত সংযোগৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শংকৰঘোলা আঞ্চলিক সমিতিৰ উদ্যোগত দুই ঘণ্টীয়া গড়কাপ্তানি পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ যে, যি সময়ত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য বৈদ্যুতীকৰণৰ জৰিয়তে ক্ষিপ্ৰতাৰে প্ৰতিখন গাঁৱত বিদ্যুৎ সংযোগ কৰা বুলি প্ৰচাৰ কৰি আহিছে যদিও পাল্লীৰতলৰ ৰাইজে আজিলৈ বিদ্যুৎৰ সংযোগ লাভ কৰা নাই৷ বঙাইগাঁও জিলাৰ শংকৰঘোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ছেদমাৰী পাল্লীৰতল গাঁৱৰ ধেদাইমাৰী এলেকাৰ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি পুৱা ১১ বজাৰ পৰা পাল্লীৰতল গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পথ অৱৰোধ কাৰ্যসূচীৰ ফলত প্ৰায় আধা ঘণ্টা সময় পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। শীঘ্ৰে বিদ্যুত সংযোগৰ যাৱতীয় ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনায় সংগঠনটোৱে৷ অৱৰোধ স্থলীত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক শইকীয়া উপস্থিত হৈ জিলা উপাযুক্তক প্ৰদান কৰা স্মাৰক গ্ৰহণ কৰে৷