পুনৰ ৰেলৰ টয়লেটত উদ্ধাৰ হ’ল অবলা নাৰীৰ অৰ্ধউলংগ মৃতদেহ, সুৰক্ষিত নহয় অসমৰ যাত্ৰী

newsnextone.com | মৰিয়নীঃ ৰে’ল যাত্ৰাত সুৰক্ষিত নহয় মহিলা৷ সমগ্ৰ দেশ জুৰি মহিলাৰ ওপৰত অপ্ৰিতীকৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে অসমতো এটাৰ পিছত এটা কাণ্ড সংঘটিত হ'ব ধৰিছে। যোৱা ৪০ ঘণ্টাৰ ভিতৰত অসমত ৰেলৰ ভিতৰত দুগৰাকী যুৱতী-মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছত ৰেল যাত্ৰাৰ সময়ত যে অসমত মহিলা সুৰক্ষিত নহয় সেই কথাকেই প্ৰমাণ কৰে৷

মঙলবাৰে চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ এগৰাকী মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই বুধবাৰে পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনৰ বিকলাংগৰ ডবাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে ৰে’ল আৰক্ষীয়ে৷ ডিঙিত গামোচা মেৰিয়াই থোৱা অৰ্ধ নগ্ন মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷

উল্লেখ্য যে, মঙলবাৰে চলন্ত ৰে’লৰ টয়লেটৰ পৰা উদ্ধাৰ কৰা ৰাধা কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ ক্ষত বিক্ষত দেহ প্ৰত্যক্ষ কৰি তেওঁক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে৷

ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আন এগৰাকী মহিলাৰ মৃতদেহ ৰে’লৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই ৰে’ল সুৰক্ষাৰ সোপা ঢিলা স্বৰূপ উন্মুক্ত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷

১৫০৫৯ নম্বৰৰ নামনি মুৱা ডিব্ৰুগড়ৰ পৰা লালগড়লৈ যাব লগা অবধ আসাম এক্সপ্ৰেছত টয়লেটত উদ্ধাৰ হোৱা মহিলাগৰাকী বিকলাংগৰ ডবাত আছিল৷ বৰ্তমানলৈ মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই৷ মহিলাগৰাকী বয়স প্ৰায় ৫০ বছৰ হ’ব বুলি অনুমান কৰা গৈছে৷

মৰিয়নী আৰক্ষী আৰু মৰিয়নী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰেল খনৰ পৰা ডবা আঁতৰাই ২ ঘণ্টা পলমকৈ মৰিয়নী এৰে ৰেলখনে৷ জানিব পৰা মতে এগৰাকী লোকে মৰিয়নীৰ জংচনত উক্ত ৰেলৰ ডবাত উঠিয়ে চেণ্ডেল পৰি থকা প্ৰত্যক্ষ কৰে। তাৰ পিছতে টয়লেটত মৃতদেহ পৰি থকা দেখা পায় আৰু ৰেল আৰক্ষীক খবৰ দিয়ে।