ৰাইদঙীয়াত সত্ৰাধিকাৰৰ নিলৰ্জ্জ কাণ্ড, শৰণ দিয়াৰ চলেৰে মহিলাক যৌন নিৰ্যাতন

newsnextone.com | নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাই অহা নাৰী নিৰ্যাতনৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰি ৰখাৰ সময়তে নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াত পুনৰ সংঘটিত হোৱা এনে এক অনুৰূপ ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

ৰাইদঙীয়াৰ ভাটিখণ্ডত এই নিলৰ্জ্জ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে সমাজত ভদ্ৰতাৰ মুখা পিন্ধি থকা এগৰাকী সত্ৰাধিকাৰৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি, এগৰাকী নৱবিবাহিতা মহিলাক শৰণ দিয়াৰ চলেৰে সত্ৰৰ ভিতৰতে যৌন নিৰ্যাতন চলায় জোনমনি মহন্ত নামৰ সত্ৰাধিকাৰজনে৷ 

জানিব পৰা মতে, যোৱা ১০ জুনত পুৱাৰ ভাগত নগাঁও চহৰৰ টাউন তেলিয়াগাঁৱৰ জনৈক কলিতা উপাধিৰ নৱবিবাহিতা মহিলাগৰাকীয়ে নিজৰ স্বামী আৰু শহুৰৰ সৈতে ধৰ্মীয় নিয়মানুসৰি শৰণ ল’বৰ বাবে ৰাইদঙীয়াৰ ভাটিখণ্ডত থকা শ্ৰী শ্ৰী চৰাইখুলিয়া দিঘলী সত্ৰৰ সত্ৰাধিকাৰ জোনমনি মহন্তৰ ওচৰলৈ আহে৷ 

সত্ৰাধিকাৰজনে শৰণ দিবৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি ধৰ্মীয় ৰীতি-নীতিৰ দোহাই দি কৌশলেৰে মহিলাগৰাকীৰ স্বামী আৰু শহুৰক বাহিৰতে থাকিবলৈ কৈ যথাচিত নীতি-নিয়ম পালনৰ বাবে মহিলাগৰাকীক সত্ৰৰ ভিতৰলৈ মাতি নিয়ে৷

কিছু সময়ৰ পিছত মহিলাগৰাকীৰ শৰণ পৰ্ব্ব সম্পূৰ্ণ হোৱা বুলি সত্ৰাধিকাৰজনে পৰিয়ালটোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে৷ আনহাতে শৰণ দিয়াৰ চলেৰে সত্ৰৰ ভিতৰত লম্পট সত্ৰাধিকাৰজনে মহিলাগৰাকীৰ গাত হাত দিয়াৰ অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে এই বিষয়ে স্বামীক অৱগত কৰে৷ 

মহিলাগৰাকীৰ মুখত সত্ৰাধিকাৰজনৰ দুঃচৰিত্ৰৰ বিষয়ে জানিব পাৰি মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে লগে লগে স্থানীয় গাওঁবুঢ়া আৰু অঞ্চলৰ বয়োজ্যেষ্ঠ দুজনমান লোকক সমস্ত ঘটনাৰ বিষয়ে জনাই ৰাজহুৱা বিচাৰৰ দাবী জনায়৷ 

গাঁওবুঢ়াই বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাজহুৱা মেল আহ্বান কৰে আৰু মেলত উপস্থিত সকলোয়ে উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে এনে ঘৃনণীয় কাণ্ড পুনৰাই নকৰিবৰ বাবে সত্ৰাধিকাৰজনক সকলোয়ে সকিয়নি প্ৰদান কৰে৷ কিন্তু ৰাইজৰ এনে সিদ্ধান্তত সন্তুষ্ট নহৈ নিৰ্যাতিতা মহিলাগৰাকীৰ স্বামীয়ে সত্ৰাধিকাৰজনৰ বিৰুদ্ধে উচিত বিচাৰৰ দাবী জনাই ঘটনাৰ সবিশেষ বিৱৰি স্থানীয় জাজৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ 

আৰক্ষীয়ে এজাহাৰৰ ওপৰত ভিত্তি কৰি ৯১/১৮ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ধৰ্মৰ নীতি-বচনেৰে ৰাইজক আভুৱা-ভাৰি অহা নষ্ট চৰিত্ৰৰ সত্ৰাধিকাৰজনক আটক কৰি সোধা-পোচাৰ অন্তত কাৰাগাৰলৈ প্ৰেৰণ কৰে৷