এইবাৰ বিয়ৈৰ হাতত ধৰ্ষিতা হ'ল ৩ সন্তানৰ মাতৃ

হোজাইঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। সৌ সিদিনা হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা৷

এইবাৰ নিজৰ বিয়ৈকেৰ হাতত ধৰ্ষিতা হ'ল তিনি সন্তানৰ এগৰাকী মাতৃ৷ প্ৰাপ্ত বাতৰি মতে, হোজাই থানাৰ অন্তৰ্গত দক্ষিণ গোলাঘটীয়া বস্তিৰ এই মহিলাগৰাকীক তেওঁৰ বিয়ৈ স্বপন দাসে দাবী ধমকি প্ৰদান কৰি বলপূৰ্বক ধৰ্ষণ কৰি আহিছিল৷

ঘটনাটো ৰাজহুৱা কৰিলে মহিলাগৰাকীক হত্যাৰো ভাবুকি প্ৰদান কৰিছিল স্বপনে। এনেদৰে ভয়-ভাবুকিৰে ঘৰত কোনো নথকাৰ সুযোগত দিন দুপৰতো লম্পট লোকজনে মহিলাগৰাকীক ধৰ্ষণ কৰি আহিছিল৷

শুকুৰবাৰেও অনুৰূপ ঘটনা সংঘটিত হোৱাত মহিলাগৰাকীয়ে সাহস গোটাই হোজাই আৰক্ষীৰ দ্বাৰস্থ হৈ ধৰ্ষণকাৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই যোৱা নিশা ধৰ্ষণকাৰীজনক মইনাপুৰৰ পৰা কৰায়ত্ত কৰে৷

আৰক্ষীৰ জেৰাত ধৰ্ষণকাৰীজনে সমস্ত ঘটনা স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ শনিবাৰে ধৃত ধৰ্ষণকাৰী স্বপনক আদালতত হাজিৰ কৰোৱাৰ অন্তত আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে৷