বন্ধ কোঠাত আৱদ্ধ কৰি মহিলাক তিনিদিন নিৰ্যাতন চলাই হত্যা, মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাঁৱৰ নিবাসী সৰপত আলি শ্বেখৰ পুত্ৰ ইনছাৰ আলি শ্বেখে আদিবাসী মহিলা এগৰাকীক যোৱা তিনিদিন ধৰি নিজৰ ঘৰত গোপনে ৰাখি নিৰ্যাতন চলোৱাৰ পিছত সোমবাৰে মহিলাগৰাকীয়ে চীপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চীপজৰী লৈ আত্মহত্যা কৰা মহিলাগৰাকীক মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰা বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, যোৱা তিনিদিন পূৰ্বে চেচাঁপানী গাঁৱৰ ইনছাৰ আলি সেখে হাব্ৰুবাৰী অঞ্চলৰ পৰা বিবাহিত মহিলা এগৰাকীক ফুচলাই নিজৰ ঘৰলৈ লৈ আহে৷ ইয়াৰ পিছতে মহিলাগৰাকীক নিজৰ ঘৰত ইনছাৰ আলি শ্বেখে তিনিদিন ধৰি নিৰ্যাতন চলায়৷ ইপিনে মহিলাগৰাকীয়ে ইনছাৰ আলি শ্বেখৰ নিৰ্যাতন সহিব নোৱাৰি কেইবাবাৰো নিজৰ ঘৰলৈ যাব বিচাৰে যদিও ইনছাৰ আলি শ্বেখে আৰু তেওঁৰ পৰিয়াল বৰ্গই সাৰস লাক্ৰাক ঘৰলৈ যোৱাত বাধা প্ৰদান কৰে।

মহিলাগৰাকীয়ে নিজৰ ঘৰত যাবলৈ চেষ্টা চলোৱা আৰু ইনছাৰ আলি শ্বেখ আৰু তেওঁৰ পৰিয়ালে মহিলাগৰাকীক যাবলৈ নিদিয়াত দেওবাৰে সন্ধিয়া গাঁৱৰ কেইবাগৰাকী লোকৰ উপস্থিতিত এক গাঁওসভা অনুষ্ঠিত হয়৷ উক্ত গাঁওসভাত মহিলাগৰাকীক ইনছাৰ আলি শ্বেখে অপহৰণ কৰি নিজৰ ঘৰত ৰাখিলে নে আন কিবা কাৰনত লৈ আহিলে সেই বিষয়ে কোনো সিদ্ধান্ত নোলোৱাত মহিলাগৰাকী মানসিকভাৱে ভাগি পৰে আৰু পুৱা প্ৰায় ৮ বজাত ঘৰৰ ভিতৰত চীপজৰী লৈ আত্মহত্যা কৰে৷

লক্ষণীয়ভাৱে গাওঁসভাৰ কোনো এজন লোকে বিবাহিত মহিলাগৰাকীক ইনছাৰ আলি শ্বেখে অবৈধভাৱে ৰখাৰ সন্দৰ্ভতো আৰক্ষী থানাতো অৱগত নকৰিলে। মহিলাগৰাকীয়ে সৰু এটা কাঠৰ খুটিত গামোছাৰে চীপ লোৱা বুলি ইনছাৰ আলিৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আত্মহত্যা কৰা মহিলাগৰাকীক চীপজৰীৰ পৰা খুলি মাটিত শুৱাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰে। ঘটনাটো যথেষ্ট ৰহস্যজনক বুলি মন্তব্যৰে আৰক্ষী বিষয়াগৰাকী এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখা বুলি সদৰি কৰিছে। আনহাতে ইনছাৰ আলি শ্বেখ সম্প্ৰতি পলাতক যদিও আৰক্ষীয়ে আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।