
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত গেন্দুৱা পথাৰত এগৰাকী অগ্নিদগ্ধ বোৱাৰীৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ মানবীয়তাক ভূ-লুণ্ঠিত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে গেন্দুৱা পথাৰৰ ২নং ৱাৰ্ডত। সোমবাৰে নিশা বোৱাৰী ছৰুফা খাতুনে অগ্নিদগ্ধ অৱস্থাত চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহি দেহত লাগি থকা জুই নুমুৱায় চিকিৎসালয়ত ভৰ্তি কৰে যদিও মঙলবাৰে বোৱাৰী গৰাকীৰ মৃত্যু হয়৷
অভিযোগ উত্থাপন হোৱা মতে, শহুৰৰ পৰিয়ালৰ লোকে তথা শাহুৱেক ৰাহিমা খাতুনে বোৱাৰীগৰাকীৰ দেহত কেৰাচিন ঢালি জুই লগাই দিয়া বুলি অভিযোগ উত্থাপন হয়৷ বোৱাৰীগৰাকীৰ চিঞৰ বাখৰ কৰাত প্ৰতিবেশী ওলাই আহি নিশাই মুৰ্মূৰ্ষ অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷ কিন্তু শৰীৰৰ অধিকাংশ জ্বলি যোৱা বোৱাৰীগৰাকীৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটিলৈ প্ৰেৰণ কৰে। গুৱাহাটীলৈ নি থকা অৱস্থাতে মঙলবাৰে মৃত্যু হয় বোৱাৰীগৰাকীৰ।
উল্লেখ্য যে, বোৱাৰীগৰাকীৰ স্বামী নাজিৰুল ইছলাম আৰু শাহু ৰাহিমা খাতুনে বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীক যৌতুকৰ বাবে নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন হয়। সোমবাৰে তাৰেই এক কৰুণ পৰিনতিত বোৱাৰীগৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়ে শহুৰ ঘৰৰ পৰিয়ালে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্র নগাঁও জিলাত৷ ইফালে ঘটনা সন্দৰ্ভত মৃত বোৱাৰীগৰাকীৰ পিতৃগৃহৰ লোকে ইতিমধ্যে বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে হত্যা কৰা বুলি স্থানীয় জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷