হৰিশিঙাত স্থানীয় শভণী মহিলা মণ্ডলৰ উদ্যোগত গ্ৰাম্য স্বচ্ছ অভিযান

হৰিশিঙাঃ বায়ুমণ্ডলত বৃদ্ধি পাইছে প্ৰদূষনৰ মাত্ৰা৷ চৌপাশৰ বাতাবৰণ বিষময় হৈ পৰাৰ লগে লগে বাঢ়িছে মানুহৰ লগতে অন্যান্য জীৱ-জন্তুৰ বিভিন্ন বেমাৰ-আজাৰ৷ পৰিৱেশ বিনষ্টকাৰী কেতবোৰ সামগ্ৰীয়ে স্থল আৰু জল প্ৰদূষণৰ মাত্ৰা অধিক কৰি তুলিছে৷

সেয়েহে প্ৰদূষণ মুক্ত পৰিৱেশ বজাই ৰাখিবলৈ শভনী মহিলা মণ্ডলৰ উদ্যোগত মহিলা সকলে ওদালগুৰি জিলাৰ হৰিশিঙাত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে৷ সভাত শভনী মহিলা মণ্ডলে ৰাইজক প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায়৷

মহিলা মণ্ডল সমিতিখনে ৰাইজক বৃক্ষ ৰোপনৰ দৰে মহৎ কাৰ্যৰ লগত জড়িত হৈ পৰিৱেশ সেউজ কৰি তোলাৰ লগতে প্ৰদূষনমুক্ত সমাজ এখন গঢ়ি তুলিবলৈ আহ্বান জনায়৷

শভনী মহিলা মণ্ডলে হৰিশিঙাৰ স্কুল, ৰাজহুৱা নামঘৰ, বজাৰ আদি ৰাজহুৱা স্থানসমূহত চাফাই অভিযান চলাই ৰাইজৰ স্বচ্ছতাৰ প্ৰতি সজাগ কৰি তোলে৷