
সোণাৰিঃ খোদ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই মানৱ সম্পদ গঢ়াৰ খনিকৰক ৰাজহুৱা ভাৱে অপমান কৰি সমগ্ৰ শিক্ষক সমাজক তাচ্ছিল্য কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী নিৰীহ যুৱকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিৰীহ থলুৱা যুৱকজনক আটক কৰাৰ পিছতেই থলুৱা মহিলাই উত্তাল কৰে চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ চৌহদ৷
জানিব পৰা মতে, চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত হালোৱা গাঁৱৰ প্ৰণৱ গগৈ ওৰফে পিংকু গগৈ নানৰ যুৱকজনক বৃহস্পতিবাৰে সন্ধিয়া বৰহাট বজাৰৰ পৰা সেনাই ধৰি আনে। দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে মাথো দুমাহ পুৰ্বে বেংকৰ পৰা ঋণলৈ এখন গাড়ী কিনি ভাড়া মাৰি পৰিয়াল পোহপাল দি আহিছিল৷ বৃহস্পতিবাৰেও গাড়ী ভাড়ালৈ বৰহাট অভিমুখে গৈ থকা অৱস্থাত আধাবাটতে ডাঙৰিকুমাৰস্থিত সেনাৰ কেম্পৰ এটা দলে যুৱকজনক গাড়ীখনৰ সৈতে ধৰি সেনাৰ কেম্পলৈ লৈ আহে৷
সেনাৰ শিবিৰত যুৱকজনক মাৰধৰ কৰাৰ অভিযোগ অভিযোগ উত্থাপন কৰে ৰাইজে। নিশা গাড়ীখনৰ সৈতে কণ্ডাক্টৰজনক মুকলি কৰি দিয়ে যদিও যুৱকজনক এৰি নিদিয়াত অঞ্চলটোত হুৱা-দুৱা লাগে। শুকুৰবাৰে পুৱা নিৰীহ যুৱকজনক সেনাই আটক কৰি ৰখাৰ লগতে শিবিৰত মাৰ-ধৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ যাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰে আৰু চৰাইপুং আৰক্ষী থানাত হালোৱা গাঁৱৰ শতাধিক মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিলাসকলে সেনাৰ নিৰ্যাতন বন্ধ কৰক, প্ৰণৱ গগৈক বিনাচৰ্তে মুকলি কৰি দিয়ক আদি শ্ল’গান দি আৰক্ষী থানা চৌহদ উত্তাল কৰি তোলে।
মহিলাসকলে অভিযোগ কৰা মতে, শুকুৰবাৰে ৰহস্যজনকভাৱে সেনাই যুৱকজনৰ পৰা এটা নাইন এমএম পিষ্টল আৰু তিনি জাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ নাটক কৰা বুলি অভিযোাগ উত্থাপন কৰে৷ অৱশেষত সেনাই চৰাইপুং আৰক্ষী থানাত গতাই দিয়ে নীৰিহ যুৱকজনক৷ ষড়যন্ত্ৰ ৰচনা কৰি আলফাৰ লিংকমেন সজােৱা ঘটনাই অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে। আনহাতে শনিবাৰে যুৱকজনক চৰাইদেউ জিলা আদালতত হাজিৰ কৰোৱাত আদালতে চাৰিদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷